top of page
তপন কুমাৰ শৰ্মাৰ
ধনশিৰিৰ পাৰে পাৰেঃ এক বিচিত্ৰ ইতিহাস অনুসন্ধান

ড॰ নিৰোদ গোহাঁই 
 

dhansisri

     ধনশিৰি উপত্যকাই অসমৰ বহু অলিখিত ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে৷ এসময়ত কছাৰীসকলৰ গৃহভূমি আছিল এই উপত্যকা৷ আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ প্ৰতিৰোধক্ষেত্ৰ আছিল এই ধনশিৰি৷  তপন কুমাৰ শৰ্মাই মানুহৰ মুখৰ কথাৰ মাজেদি উদ্ধাৰ কৰা তথ্যৰ মাজেদি প্ৰতিভাত কৰিছে ধনশিৰি পাৰৰ বহু অলিখিত ইতিহাস৷ তপন কুমাৰ শৰ্মাই নতুন দৃষ্টি আৰু নতুন ভঙ্গীৰে ইতিহাস অনুসন্ধান কৰিছে৷ তাৰ বাবে তীব্ৰ অনুসন্ধিৎসাৰে তেওঁ ভ্ৰমণ কৰিছে বিচিত্ৰ গাওঁ, দুৰ্গম অঞ্চল৷ শৰ্মাই আবিস্কাৰ কৰিছে ইতিহাসে এৰি যোৱা অন্য এক ইতিহাস৷
    অসমৰ ইতিহাসৰ বহু নজনা কথাৰ সন্ধান দিছে তপন কুমাৰ শৰ্মাৰ গ্ৰন্থসমূহে৷ মানৰ দেশত, কৰ্ণফুলিৰ পাৰত, নি-হাও-মা আদি গ্ৰন্থসমূহ এটা বিশেষ অঞ্চল ভ্ৰমণৰ লাভ কৰা অভি:তা আৰু তথ্যৰ সৰস উপস্থাপন৷ ধনশিৰিৰ পাৰে পাৰে গ্ৰন্থতো আছে সেই ইতিহাস অনুসন্ধান৷ সেই ইতিহাসত খণ্ডিত ৰূপত ধনশিৰি পাৰৰ ঐতিহ্যৰ বহু লুকাই থকা তথ্যৰ হাঁচতি মেলি পাঠকৰ ওঁঠ ৰঙা কৰি দিছে লেখকে৷
    ধনশিৰিৰ পাৰে পাৰে পুথিখন সৰু সৰু খণ্ডত ৰচিত৷ ফেচবুক[মুখপুথি]ৰ দিনৰ পাঠকৰ উপযোগীকৈ ৰচা৷ পুথিখনে বহন কৰিছে সুদীৰ্ঘ দুহেজাৰ বছৰ জুৰি ধনশিৰি উপত্যাকাৰ ঐতিহ্য আৰু ইতিহাস৷ খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰপৰা ঊনবিংশ শতিকালৈকে বিচিত্ৰ ঘটনাৰে অসমৰ ইতিহাসত এই উপত্যকাৰ প্ৰভাৱ আছে৷ আনকি লেখক শৰ্মাই নগাপাহাৰৰ কাষত প্ৰাগ-ঐতিহাসিক সমলৰো সন্ধান দাঙি ধৰিছে৷
তীব্ৰ অনুসন্ধিৎসাৰে লেখকে তথ্যৰ সন্ধান কৰিছে আৰু বহু সমল নিজ চকুৰে প্ৰত্য:্ষ কৰিছে৷ ধনশিৰি উপত্যকাত আৱিস্কৃত শৈল ভাস্কৰ্যত বৰ্মণ, শালস্তম্ভ আদি প্ৰাচীন ৰাজবংশকালৰ ইতিহাস লুকাই থকাৰ তথ্য দাঙি ধৰিছে৷ আহোমসকলে দিহিঙীয়া ৰজাৰ দিনত  কছাৰীক ঘটুৱাই ধনশিৰি পাৰ নিজৰ দখললৈ নিয়ে৷ তেতিয়াৰপৰা বহু লিখিত সমল পোৱা যায়৷ মধ্যযুগৰ সেই সময়খিনিৰপৰা ইংৰাজৰ দিনৰ পোৰাবাংলাৰ নায়ক ঘেচেৰু গোৱালালৈকেবহু অকথিত, অলক্ষিত বুৰ?ীৰ পোহাৰ আমাৰ সমুখত মেলি দিছে এই পুথিত৷ মুঠ ৮৯ সৰু খণ্ডত লেখকে ধনশিৰি পাৰৰ ইতিহাস বিবৃত কৰিছে৷
    বহুজনৰ সাক্ষাৎ, কথোপকথন আৰু লোককাহিনীৰ গইনা লৈ লেখকে বুৰ?ীৰ নতুন তথ্যৰ সন্ধান দিছে৷ মধ্যযুগৰ আহোম ৰজা গদাপাণি,মোমাই তামুলী বৰবৰুৱা, কলীয়াভোমোৰা বৰফুকন, মীৰজুমলা, লেচাম হাতীবৰুৱা আদি চৰিত্ৰৰ লগতে বিংশ শতিকাৰ ঘেচেৰু গোৱালা, পোৰাবাংলাৰ কাহিনীৰ আদি ঘটনাৰ মাজেদি সমসাময়িক ইতিহাসৰ বিবৃতি গঢ়িছে৷    

   আনহাতে কাছমাৰী,দেওপাহাৰ,নুমলীগড়,ডিমাপুৰ আদি ধনশিৰিৰ ইতিহাস বহন কৰা প্ৰধান স্থান৷ লেখকে এই ঠাইত প্ৰাপ্ত কীৰ্তিচিহ্নসমূহৰ মাজত থকা ইতিহাস আৰু সভ্যতাক নতুনকৈ কৈছে৷ এই নতুনখিনিৰ মাজত আছে অলিখিত  বহু কথা৷ বিশেষকৈ কছাৰী ৰাজ্যৰ ঐতিহ্য বহন কৰা এই অঞ্চলটোত লুকাই আছে অসমৰ ইতিহাসচ২৬১্াই স্পৰ্শ নকৰা কিছুমান অধ্যায়৷ এই অনুসন্ধানৰ বাবে লেখকে নতুন কৌশল প্ৰয়োগ কৰিছে৷ ধুনুমাই, গংগং, ভুবন আদি চৰিত্ৰৰ কথোপকথনৰ মাজেদি আগবঢ়াই নিছে৷ আটায়ে ইতিহাসৰ বিভিন্ন প্ৰসংগ লৈ উৎসাহিত আৰু অনুসন্ধিৎসু৷

  এই কৌশল ফলপ্ৰসুভাৱে ইতিহাস কথনত ব্যৱহাৰ কৰা লেখক হিচাপে তপন কুমাৰ শৰ্মা সফল৷ ভাস্কৰ্যই বহন কৰে ইতিহাস৷ এই ভাস্কৰ্যসমূহক এজন ইতিহাসৰ ছাত্ৰ হিচাপে চাব পৰাকৈ সক্ষম দলৰ সদস্যসকল৷    লেখকে নিজৰ অধ্যয়নত প্ৰাপ্ত তথ্যৰ সহায় লৈ ভ্ৰমণ কৰিছে অঞ্চলসমূহ ৷ যেনে অস্কাৰ ফ্লেক্‌চৰ ‘অসম ১৮৬৪’ পুথিখনত থকা তথ্যৰ আধাৰত উনবিংশ শতিকাৰ বহু কাহিনীৰ যুক্তিগ্ৰাহ্যতা নিৰূপন কৰিছে৷    উপন্যাসৰ দৰেই উৎকণ্ঠা আছে পুথিখনত৷ ইখন ঠাইৰপৰা সিখন ঠাই ভ্ৰমণ কৰোতে লগ পোৱা বিভিন্ন চৰিত্ৰৰ সৈতে হোৱা কথোপকথনৰ মাজেদি একোটা ঐতিহাসিক ঘটনা পোহৰলৈ আনিছে৷

   অসমৰ মধ্যযুগৰ বহু ৰাজনৈতিক ইতিহাস লুকাই আছে পুথিখনত৷ কাছমাৰী ৰাজ্যখনৰ কথা লিখিছে এনেদৰে---- কাছমাৰীৰৰ শৈল ভাস্কৰ্যসমূহ ডিমাপুৰতকৈ বহু পুৰণি৷ নালন্দাৰ পকী ইটা আৰু কাছমাৰীৰ তেলীশালৰ পকী ইটাৰ মিল আছে৷ [পৃ.ৰ১২] আহোম ৰাজত্বকালত ৰচিত বুৰ?ীসমূহৰ তথ্যৰ আধাৰত ৰচিত বুৰ?ীতকৈ অধিক মনোনিৱেশ কৰিব লগা ইতিহাস আছে৷ সপ্তম-অষ্টম শতিকাৰ ইতিহাস বহন কৰা এই কাছমাৰীৰ ভাস্কৰ্যৰ আলোচনাত তেনে কথাকে লেখকে তুলি ধৰিছে৷ ইতিহাসৰ প্ৰতিষ্ঠিত ধাৰণাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই খুব কৌশলেৰে লেখকে পোত যোৱা সাঁচিপাতৰ ভাষা পঢ়িবলৈ উৎসাহিত কৰিছে পাঠকক৷পুৰাতত্ত্বত লুকাই থকা ইতিহাস বৰ কৌতুহলোদ্দীপক৷ উদাহৰণ হিচাপে কাছমাৰীত প্ৰাপ্ত ড্ৰেগন আৰু আহোমৰ ড্ৰেগন আৰু চীনা ড্ৰেগনৰ তুলনামূলক আলোচনা পূৰ্বতে পোৱা মনত নপৰে৷৷
    চাহবাগিছাৰ বহু নজনা কাহিনীৰে ধনশিৰি পাৰ ৰোমাঞ্চিত কৰি ৰাখিছে৷ তেনে বহু কাহিনীৰ অনুসন্ধানৰত লেখক৷ লেখক শৰ্মাই তেনেদৰে বহু বাগিছা ভ্ৰমণ কৰি বিভিন্ন অখ্যাত লোকৰ মুখৰপৰা ইতিহাস উলিয়াই আনিছে৷ ইয়াৰ সৈতে থকা কাজিৰঙাৰ ইতিহাস কৈ গৈছে৷ ১৯০৪ চনত লেডী কাৰ্জনৰ ভ্ৰমণে তদানীন্তন কাজিৰঙালৈ আনি দিয়া বৃটিছ চৰকাৰৰ মনোযোগ, ১৯৩৭  চনত গেম চেঞ্চুৰী ঘোষণা, ৰবীন বেনাৰ্জীৰ আগমন আৰু বিখ্যাত তথ্যচিত্ৰ কাজিৰঙা নিৰ্মাণ আৰু বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ আদি তথ্যৰ পয়োভৰ পুথিখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ ....ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহু অখ্যাত সেনানীৰ সন্ধান পুথিখনৰ আন এক অন্বেষণ৷ বীৰোচন চুতীয়া,ঘেচেৰু গোৱালা, প্ৰতিমা মেদক, বিজু ৈবষ্ণৱ, দ্বাৰিকা দাসৰ কাহিনী অসমৰ ৰাজনৈতিক ইতিহাসৰ আপুৰুগীয়া সমল৷
    ঠাইৰ ইতিহাস আৰু ঐতিহ্যৰ বহু তথ্য পুথিখনত আছে৷ গোলাঘাট, সৰুপথাৰ,বৰপথাৰ,দুবৰণি, কছাৰীহাট, কাছমাৰী, কাজিৰঙা আদিৰ ইতিহাস আৰু ঠাইবোৰে বহন কৰা অসমৰ ইতিহাসৰ কাহিনীসমূহ বৰ মনোৰম আৰু তাৎপৰ্য বহনকাৰী৷ ইবোৰত এই অঞ্চলবোৰৰ মানুহ আৰু সভ্যতাৰ বহু কথা পোত গৈ আছে৷ ঠাইসমূহৰ লগত থকা লোককথা সংগ্ৰহ আৰু বিশ্লেষণৰ মাজেদি ইতিহাসৰ পুৰ্নৰুদ্ধাৰ সম্ভাৱনা থাকে৷ লেখকেসেই কৌশল সুন্দৰভাৱে প্ৰয়োগ কৰিছে৷যেনে কাজিৰঙাৰ ইতিহাসত আহোম ৰাজত্বকালৰ ৰঙামুৱাৰ কাজি পত্নীৰ কাহিনী, কাৰ্বি কাজিৰে শাসন কৰা গাঁও আদি লোকপ্ৰবাদ উদ্ধাৰ কৰিছে৷ আনহাতে কাৰ্বি ডেকা কাজিৰ আৰু গাভৰু ৰঙাৰ কাহিনীটোও মনোৰম৷ আনহাতে লৰ্ড কাৰ্জনৰ পত্নী উৎসাহৰ ফলতেই কাজিৰঙা সংৰক্ষিত হোৱাটোও ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা৷ কেতিয়াবা একোখন ঠাইৰ লগত বিখ্যাত লোকৰ লগত সংযুক্ত কৰি বহু ৰাজনৈতিক প্ৰসংগ আলোচনালৈ আনিছে৷ যেনে ফখৰুদ্দিন আলি আহমেদ, চৈয়দ চাদুল্লাৰ জন্মস্থান কছাৰীহাট৷ তেনেদৰে কছাৰীহাটৰ লগত আহোমৰজা আৰু কছাৰীৰজাৰ যুদ্ধৰ কাহিনী বিজড়িত হৈ আছে৷ এই কথাবোৰকে লেখকে নিস্পৃহ বিৱৰণ দিয়া নাই৷ তেওঁলোকৰ দলৰ ভুবন, গংগং আদিৰ লগত কথোপকথন আৰু অঞ্চলটোৰ কোনোবা ঐতিহ্যসচেতন ব্যক্তিৰপৰা উদ্ধাৰ কৰা তথ্যৰ বিশ্লেষণৰ মাজেদি একোটা সিদ্ধান্তলৈ আহে৷ তাৰপৰা ঠাইখন সম্পৰ্কে ধাৰণা আৰু গাঢ় আৰু স্পষ্ট হয়৷

    কছাৰী,বৰাহী আদি ৰাজ্যৰ বহু ইতিহাস লুকাই আছে ধনশিৰি উপত্যকাত৷ আহোম সকল ১২২৮ চনত অসমলৈ আঁহোতে দিচাং নদীৰ দক্ষিণ পাৰৰপৰা ধনশিৰিলৈকে আছিল কছাৰী ৰাজত্ব৷ এসময়ত ধনশিৰি উপত্যকা কছাৰীসকলৰ নিজ গৃহভূমি হিচাপে পৰিচিত৷ আনহাতে বৰাহীসকলৰ বাসস্থান হিচাপেও ধনশিৰিৰ গুৰুত্ব আছে৷ লেখক শৰ্মাই মৌখিক ইতিহাসৰ গইনা লৈ এই প্ৰসংগসমূহ পোহৰলৈ আনিছে৷
    ডা০ ৰবীন বেনাৰ্জীৰ জীৱনৰ কিছু কথা পুথিখনত ঠাই পাইছে৷ আইদেউ সন্দিকৈ অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী ধনশিৰি উপত্যাকাৰ ৷ জ্যোতিপ্ৰসাদৰ জয়মতীত ছগৰাকী ধনশিৰি পৰীয়া মহিলাই অভিনয় কৰিছে৷ আইদেউ সন্দিকৈ মোহিনী ৰাজকুমাৰী, ব্ৰতেস্বৰী ৰজকুমাৰী, ভনীটি বুঢ়াগোহাঁই, স্বৰ্গজ্যোতি দত্ত৷ লেখকে সৰস কথোপকথনৰ মাজেদি মোহিনী ৰাজকুমাৰীৰ বংশলতা বিচাৰি উলিয়াইছে৷ বৰপাত্ৰ গোহাঁই পৰিয়ালৰ মোহিনী সেই সময়ৰ এগৰাকী সাহসী মহিলা আছিল৷
    দুবৰণিৰ খননথলীত প্ৰাপ্ত অভি:তা, তাই আইতন গাওঁ, নগা পাহাৰৰ কাহিনীয়ে বৈচিত্ৰ্যময় ধনশিৰি উপত্যকা৷ লেখকে পৰম উদ্দীপনাৰে এই অঞ্চল ভ্ৰমণ কৰিছে৷ বিভিন্ন প্ৰসংগ আলোচনা কৰি একোটা ঘটনা বা তথ্যৰ ন্যায্যাতা নিৰ্ণয় কৰিছে৷
    কিছুমানৰোমাঞ্চকৰ কাহিনী ধনশিৰিৰ বুকুত পৰি ৰৈছে৷ এসময়ত ধনশিৰিৰ বালিত ৰণুৱাই ৰণচালি ধৰিছিল৷ অৰ্থাৎ ৰণৰ আখৰা কৰিছিল৷ শৰাইঘাটৰ যুদ্ধৰ আখৰা হৈছিল ধনশিৰি পাৰ৷ আহোম ঐতিহ্যৰ কলীয়াভোমোৰা বৰফুকন, লেচাম হাতীবৰুৱা আদিৰ বীৰত্বব্য?ক, দুঃসাহসিক কাহিনী উপস্থাপন কৰিছে৷ মীৰজুমলাৰ অসম আক্ৰমণৰ সেই অস্থিৰ আৰু দঃসময়ৰ কালছোৱা ধনশিৰি পাৰতে৷ দুজন বাদুলী ফুকনৰ কাহিনীয়েও আহোম ৰাজত্বৰ আন এক অধ্যায় পোহৰলৈ আনে৷ সেই ঐতিহ্যৰ অধিকাৰী ধনশিৰি পাৰৰ অনেক অলিখিত ইতিহাসৰ মুগ্ধকৰ চিত্ৰণ ধনশিৰি পাৰে পাৰে ৷
    ধনশিৰিৰ পাৰে পাৰে পুথিখন এখন ব্যতিক্ৰমী ভ্ৰমণকাহিনী ৷ ধনশিৰি উপত্যাকা ভ্ৰমণৰ বিস্তৰ অভি:তা৷ লেখকে ইতিহাসৰ বিভিন্ন স্তৰত এই উপত্যাকাটোৰ বুকুত লুকাই থকা ঘটনাসমূহ খান্দি উলিয়াইছে৷ অলিখিত বহু কথা লোককথাৰ গইনাৰে পোহৰলৈ আনি বুৰ?ীৰ বস্তুনিষ্ঠতা প্ৰমাণ কৰিবলৈ তৎপৰ হৈছে৷

   প্ৰাচীন কালৰপৰা উনবিংশ শতিকালৈকে বিয়পা সময়খিনিৰ বহু ঘটনা বেলেগে বেলেগ প্ৰসংগত মনোৰম উপস্থাপন কৰিছে৷ লেখকে কোনো সময়ক্ৰম অনুসৰণ নকৰাকৈ ধনশিৰি পাৰৰ বিভিন্ন ঘটনাক পাঠকৰ সমুখলৈ বিশ্বাসযোগ্য ৰূপত তুলি আনে৷ অসমীয়া ভাষাত ৰচিত একবিংশ শতিকাত ৰচিত এখন বিশিষ্ট পুথিধনশিৰিৰ পাৰে পাৰে ৷ 
    তপন কুমাৰ শৰ্মাৰ ভাষাৰ চুম্বকত্বই পাঠকক প্ৰৰোচিত কৰে৷ একোটা ঘটনাক অনুসৰণ কৰি গৈ থাকোতে উৎকণ্ঠাৰে পাঠকক বন্দী কৰি থব পাৰে লেখকে৷ কথোপকথনৰ মাজেদি একোটা সিদ্ধান্তত উপনীত হোৱাৰ কৌশলটোৱে ঐতিহাসিক ঘটনা একোটাৰ প্ৰতি পাঠকৰ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখে৷ সেইবাবে অলেখ তথ্যৰ মাজতো সুখপাঠ্য ধনশিৰিৰ পাৰে পাৰে ৷ 

 

Address

Assistant Professor, Moran Women College, Charaideo, Assam

Phone

9954464835

Email

bottom of page