মাজুলী
ISSN: XXXX
Starting Year : 2024
MAJULI :
A Multi-Lingual Multi-Disciplinary e-Magazine
MAJULI :
A Multi-Lingual Multi-Disciplinary e-Magazine
Vol:01 | Issue:01 |2024| April-June
ড° বুলজিৎ বুঢ়াগোহাঁই
কলা শাখাত উচ্চতৰ মাধ্যমিক আৰু স্নাতক চূড়ান্ত পৰীক্ষাত কৃতকাৰ্য হোৱা পাছত
কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি ?
বৰ্তমান অসমৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে যদিও কলা শাখাত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত কৃতকাৰ্য হোৱা সকলোবোৰ শিক্ষাৰ্থীয়ে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই । নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয়ো অসমৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ নহয় । ফলস্বৰূপে, অসমৰ বহুসংখ্যক শিক্ষাৰ্থী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা লাভৰ বাবে যাব লগা হয় । কিন্তু, উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ কলা শাখাত উত্তীৰ্ণ পিছত কোনবোৰ বিষয় অধ্যয়ন কৰিব পাৰি,অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে , প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেদৰে প্রস্তুতি চলাব লাগে,বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ অথবা বিভিন্ন চাকৰিৰ বাবে কেনেধৰণৰ অৰ্হতাৰ প্রয়োজন ,বিভিন্ন চাকৰিবোৰৰ বিজ্ঞাপন তথা প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিতং তথ্য ক’ৰ পৰা সংগ্রহ কৰিব পাৰি ,ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদিৰ বিষয়ে বহুসংখ্যক শিক্ষাৰ্থী জ্ঞাত নহয় । কিন্তু এই অজ্ঞতাৰ বাবে শিক্ষাৰ্থীসকলক জগৰীয়া কৰিব নোৱাৰি । কাৰণ, এনেবোৰ বিষয়ৰ আলোচনাৰ বাবে বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনোধৰনৰ সুবিধা প্রদান কৰা দেখা নাযায় । বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশৰ উপৰিও 'বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ'ৰ লগত সংগতি ৰাখি কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলেও শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব । কেৰিয়াৰ সম্পৰ্কীয় গ্রন্থ আৰু আলোচনী নিয়মীয়াকৈ পঢ়িলেও শিক্ষাৰ্থীসকলৰ নিজ কেৰিয়াৰ গঠনৰ ক্ষেত্রত সহায় হ’ব ।
যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে-শিক্ষা মন্ত্রালয় (https://education.gov.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (https://www.ugc.ac.in), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (http://www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (https://www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (http://www.aiu.ac.in) ,দূৰ শিক্ষা পৰিষদ (Distance Education Bureau ,https://deb.ugc.ac.in), ,ভাৰতীয় বাৰ পৰিষদ(http://www.barcouncilofindia.org), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (https://ncte.gov.in),ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) আদি ।
শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল, ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল - শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন শিক্ষাৰ্থীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ'লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । শিক্ষাৰ্থীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ বিভিন্ন বিষয়ৰ পাঠ্যক্রম নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল শিক্ষাৰ্থীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে ।
উচ্চতৰ মাধ্যমিক কলা শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি কি পঢ়িব পাৰি তলত উল্লেখ কৰা হৈছে ।
সাধাৰণ স্নাতক পাঠ্যক্রম , মেজৰসহ [যেনে- সমাজশাস্তৰ , অৰ্থনীতি , ভূগোল ,সাহিত্য (ইংৰাজী,অসমীয়া, হিন্দী, বঙালী, সংস্কৃত ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন , পৰিৱেশ্য কলা, নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি )] স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল – স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি. ।
কলা শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে।
কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ পৰীক্ষা , কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ Combined Competitive Examination পৰীক্ষা যোগেদি Assam Civil Service (Jr.Grade),Assam Police Service(Jr.Grade),Labour Officer,Superintendent of Taxes,Superintendent of Excise,District Transport Officer,Assam Finance Service (Jr. Grade II),Block Development Officer, Inspector of Taxes,Inspector of Labour,Inspector of Excise,Assistant
Employment Officer,Sub Registrar,Assistant Audit Officer (Assam Audit Service),Assistant Accounts Officer (Assam Accounts Service) আদি পদৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রাৰ্থীৰ বাচনি কৰে । দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে। যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে।
যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ, দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত,নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ্য কলা স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে ভ্ৰমণ আৰু পৰ্যটন (Travel and Tourism)ৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।
ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) ৰ অনুমোদিত পাঠ্যক্ৰমসমূহ হ’ল-
১। দৃষ্টিশক্তিহীনতাৰ ক্ষেত্ৰত (In the field of Visual Impairment) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল-M.Ed. Special Education (Visual Impairment), B.Ed. Special Education (Visual Impairment) , D.Ed. in Special Education (Visual Impairment), D.Ed. Special Education (Deafblind), B.Ed. Special Education (Deafblind) (on pilot basis) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Computer Education (Visual Impairment) ।
২। শ্ৰৱণ ক্ষমতাহীনতাৰ ক্ষেত্ৰত (In the field of Hearing Impairment) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল-M.Ed. Special Education (Hearing Impairment),B.Ed. Special Education (Hearing Impairment),D.Ed. in Special Education (Hearing Impairment), Diploma in Indian Sign Language Interpretation, Diploma in Teaching Indian Sign Language আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Early Childhood Special Education (Hearing Impairment)।৩। বৌদ্ধিক অক্ষমতাৰ ক্ষেত্ৰত (In the field of Intellectual Disability) তিনিবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- B.Sc. (Special Education and Rehabilitation), Integrated Bachelor of Education-Master of Education-Special Education (Intellectual Disability); দুবছৰীয়া পাঠ্যক্রমবোৰ
হ’ল- M.Ed. Special Education (Intellectual Disability), B.Ed. Special Education (Intellectual Disability), D.Ed. in Special Education (Intellectual and Developmental Disabilities) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Diploma in Early Intervention, Diploma in Vocational Rehabilitation (Intellectual Disability), Diploma in Early Childhood Special Education (Intellectual Disability)।
৪। শিক্ষণ অক্ষমতাৰ ক্ষেত্ৰত (In the field of Learning Disability) তিনিবছৰীয়া পাঠ্যক্রম হ’ল- Integrated Bachelor of Education-Master of Education Special Education (Specific Learning Disability ) আৰু দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- M.Ed. Special Education (Learning Disability), B.Ed. Special Education (Learning Disability) ।
৫। পুনৰ্সংস্থাপন অভিযান্ত্ৰিক/প্ৰযুক্তিৰ ক্ষেত্ৰত (In the field of Rehabilitation Engineering/Technology) চাৰে চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Prosthetics and Orthotics; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Master in Prosthetics & Orthotics , Diploma in Prosthetics and Orthotics আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Certificate Course in Prosthetics & Orthotic ।
৬। সম্প্ৰদায়ভিত্তিক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত (In the field of Community Based Rehabilitation) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Diploma in Community Based Rehabilitation, Post Graduate Diploma in Community Based Rehabilitation ।
৭। পুনৰ্সংস্থাপন মনোবিজ্ঞানৰ ক্ষেত্ৰত (In the field of Rehabilitation Psychology) দুবছৰীয়া পাঠ্যক্রম হ’ল- M.Phil (Rehabilitation Psychology) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Diploma in Rehabilitation Psychology ।
৮। ক্লিনিকেল চাইক’লজিৰ ক্ষেত্ৰত (In the field of Clinical Psychology) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Psy.D in Clinical Psychology ; দুবছৰীয়া পাঠ্যক্রম হ’ল- M.Phil (Clinical Psychology) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Professional Diploma in Clinical Psychology ।
৯। বাক আৰু শ্ৰৱণৰ ক্ষেত্ৰত (In the field of Speech & Hearing) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Audiology and Speech-Language Pathology– Semester System ; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- M.Sc. in Audiology, M.Sc. in Speech Language Pathology; আৰু এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Diploma in Hearing Language and Speech, Diploma in Hearing Aid Repair and Ear Mould Technology, Post Graduate Diploma Course in Auditory Verbal Therapy আৰু Post Graduate Diploma in Alternative and Augmentative Communication।
১০। ল’ক’ম’টৰ আৰু চেৰিব্ৰেল পালচিৰ ক্ষেত্ৰত (In the field of Locomotor and Cerebral Palsy) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- D.Ed. Special Education (Multiple Disabilities), B.Ed. Special Education (Multiple Disabilities), M.Ed. Special Education (Multiple Disabilities) , D.Ed. Special Education (Cerebral Palsy) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Dipl. in Developmental Therapy (Mult. Dis.:Physical and Neuro.) ।
১১। অটিজিম স্পেকট্ৰম আৰু ডিছঅৰ্ডাৰৰ ক্ষেত্ৰত (In the field of Autism Spectrum and Disorder) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- D.Ed. Special Education (Autism Spectrum Disorders), B.Ed. Special Education (Autism Spectrum Disorder) আৰু M.Ed. Special Education (Autism Spectrum Disorder) (on pilot basis)।
১২। পুনৰ্সংস্থাপন চিকিৎসাৰ ক্ষেত্ৰত (In the field of Rehabilitation Therapy) চাৰে দুবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Rehabilitation Therapy আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Certificate Course in Rehabilitation Therapy ।
১৩। বৃত্তি পৰামৰ্শ আৰু পুনৰ্সংস্থাপন সামাজিক কাম/প্ৰশাসনৰ ক্ষেত্ৰত(In the field of Vocation Counselling and Rehabilitation Social Work/Administration) তিনিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Rehabilitation Science; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Master in Rehabilitation Science, M.Sc. (Psycho-Social Rehabilitation ), Master in Disability Rehabilitation Administration, M.A. Social Work in Disability Studies and Action আৰু এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Post-Graduate Diploma in Disability Rehabilitation and Management, Advance Diploma in Child Guidance and Counselling।
১৪। কেয়াৰ গিভাৰ্চ (Care Givers) দহমীয়া পাঠ্যক্রম হ’ল- Certificate Course in Care Giving।
১৫। অন্তৰ্ভুক্ত শিক্ষাৰ ক্ষেত্ৰত (In the field of Inclusive Education) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor of Art/Bachelor of Commerce/Bachelor of Science Bachelor of Education Special Education।
১৭-১১-২০২২ তাৰিখলৈকে ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) অনুমোদিত অসমৰ প্ৰতিষ্ঠানসমূহ হ’ল-
শিশু সাৰথি (https://shishusarothi.org) ত D.Ed.Spl.Ed.(CP) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন আৰু D.Ed.Spl.Ed.(MD) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩৫খন।
Composite Regional Centre, Guwahati ত D.H.L.S.(Diploma in Hearing Language and Speech) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন, B.Ed.Spl.Ed.(HI) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন আৰু B.A.S.L.P. পাঠ্যক্রমত আসনৰ সংখ্যা - ২৫খন।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in) ত M.Phil.(Cli.Psy.) পাঠ্যক্রমত আসনৰ সংখ্যা - ৮খন।
Institute of Yoga and Nutrition Sciences (YNS) ত D.H.L.S. (Diploma in Hearing Language and Speech) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন।
ইয়াৰ উপৰিও আন ৰাজ্যৰ প্ৰতিষ্ঠানসমূহৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদৰ ৱেবছাইট(http://www.rehabcouncil.nic.in) ত চাব পাৰে আৰু এই প্ৰতিষ্ঠানসমূহত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।
বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নিম্নতম অৰ্হতা সম্পন্ন স্নাতক সকলে আৱেদন কৰিব পাৰে ।
বেংক কেৰাণীৰ বাবেও যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ নিম্নতম অৰ্হতা সম্পন্ন স্নাতক সকলে আৱেদন কৰিব পাৰে ।
অসমত উচ্চ শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – গুৱাহাটী বিশ্ববিদ্যালয় (https://gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in),কটন বিশ্ববিদ্যালয় (http://www.cottonuniversity.ac.in) ,বড়োলেণ্ড বিশ্ববিদ্যালয় (http://buniv.edu.in) অসম কৃষি বিশ্ববিদ্যালয় (http://www.aau.ac.in),তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in),অসম বিশ্ববিদ্যালয় (www.aus.ac.in),অসম মহিলা বিশ্ববিদ্যালয় (http://www.awu.ac.in),অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (http://astu.ac.in),শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (http://ssuhs.in) ,মাধৱদেৱ বিশ্ববিদ্যালয় (http://madhabdevuniversity.ac.in),ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (http://rtuassam.ac.in),ভট্টদেৱ বিশ্ববিদ্যালয় (http://www.bhattadevuniversity.ac.in),মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় (http://muoc.ac.in), কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ( http://www.kbvsasun.ac.in) ,অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (https://argucom.assam.gov.in),বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (http://www.bssrv.ac.in),কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (http://www.kkhsou.in), কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ (https://www.cit.ac.in),ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (www.iiitg.ac.in),
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (http://www.iitg.ac.in) ,ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান , উত্তৰ-পূব কেন্দ্ৰ (http://www.isine.ac.in) ,নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চ , গুৱাহাটী (https://niperguwahati.ac.in) ,ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠান,আমিনগাওঁ ( http://www.nluassam.ac.in) ,টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠান (টি.আই.এছ.এছ.) গুৱাহাটী ( https://tiss.edu/view/15/guwahati-campus/),মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (https://mssv.ac.in),কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় (www.kav.org.in),শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় (http://www.sasu.ac.in),অসম ডন বস্ক’ বিশ্ববিদ্যালয় (http://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (http://www.adtu.in),কাজিৰঙা বিশ্ববিদ্যালয় (http://kazirangauniversity.in) ,ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় (http://rgu.ac), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in ) , প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় (https://pjuedu.org) আদি। এই বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহ উচ্চ শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা আৰু অধ্যয়নৰ সুযোগ প্ৰদান কৰে। শিক্ষাৰ্থীসকলে ইচ্ছা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি এই শিক্ষানুষ্ঠানসমূহত আবেদন কৰিব পাৰে।
আজিকালি প্ৰতিবছৰে সৰ্বভাৰতীয় বা ৰাজ্যিক পর্যায়ত বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে এই পৰীক্ষাসমূহৰ প্ৰস্তুতি আৰু আবেদন পদ্ধতিৰ বিষয়ে যথাযথ ধাৰণা ৰাখিবৰ বাবে পৰীক্ষাসমূহৰ সবিশেষ বুজি লোৱাটো অতি প্ৰয়োজনীয়। কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক কেইটামান পৰীক্ষা হ’ল- ১। অসামৰিক সেৱাৰ পৰীক্ষা(Civil Services Examinations), ২। সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination), ৩।ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা (Indian Economic Service / Indian Statistical Service), ৪। ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা (National Defence Academy & Naval Academy Examination ) , ৫। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা (Central Armed Police Forces Examination) আদি। এই সকলোবোৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন আয়োগৰ ৱেবছাইট (www.upsc.gov.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয় । কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - https://www.upsconline.nic.in ।
ষ্টাফ ছিলেকচন কমিছনে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা কেইটামান প্রতিযোগিতামূলক পৰীক্ষা হ’ল- ১।সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (Combined Graduate Level Examination),২। সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষা (Combined Higher Secondary (10+2) Level Examination),৩। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 'চি' আৰু 'ডি' পৰীক্ষা(Stenographer Grade 'C' and 'D' Examination), ৪।কনিষ্ঠ অভিযন্তা (অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক আৰু পৰিমাণ জৰীপ আৰু চুক্তি) পৰীক্ষা (Junior Engineer (Civil, Mechanical, Electrical and Quantity Surveying & Contracts) Examination),৫। দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পৰীক্ষা (Sub-Inspector in Delhi Police and Central Armed Police Forces Examination),৬। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জিডি), এছ এছ এফ, অসম ৰাইফলছত ৰাইফলমেন (জি ডি) আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত চিপাহী পৰীক্ষা [Constable (GD) in Central Armed Police Forces (CAPFs), SSF, Rifleman (GD) in Assam Rifles and Sepoy in Narcotics Control Bureau Examination],৭। কনিষ্ঠ হিন্দী অনুবাদক, কনিষ্ঠ অনুবাদক আৰু জ্যেষ্ঠ হিন্দী অনুবাদক পৰীক্ষা (Junior Hindi Translator, Junior Translator and Senior Hindi Translator Examination),৮। ষ্টাফ ছিলেকচন কমিছনৰ ‘মাল্টি টাস্কিং (নন-টেকনিকেল) ষ্টাফ আৰু হাভালদাৰ (চিবিআইচি আৰু চিবিএন) পৰীক্ষা [Multi Tasking (Non-Technical) Staff and Havaldar (CBIC & CBN) Examination] আদি। এই সকলোবোৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ষ্টাফ ছিলেকচন কমিছনৰ ৱেবছাইট (https://ssc.nic.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয় । ষ্টাফ ছিলেকচন কমিছনে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - https://ssc.nic.in/Portal/Apply ।
আন এটা সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষা হ’ল – ৰাষ্ট্রীয় যোগ্যতা বাচনি (National Eligibility Test) পৰীক্ষা ‘বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC)’ পৰিচালনা কৰে। ‘বিশ্ববিদ্যালয় অনুদান আয়োগে (University Grants Commission ,UGC)’ পৰীক্ষাৰ পৰিচালনাৰ দায়িত্ব ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা(National Testing Agency , NTA)ক অৰ্পণ কৰিছে । UGC- NET পৰীক্ষাৰ সবিশেষ জানিব বাবেআগ্রহী শিক্ষাৰ্থীয়ে নেচনেল টেষ্ট এজেঞ্চী (National Testing Agency,NTA) ৱেবছাইট (https://ugcnet.nta.nic.in) চাব পাৰে । এই পৰীক্ষাৰ যোগেদি ভাৰতীয় নাগৰিকৰ ভাৰতৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ‘সহকাৰী অধ্যাপক’ আৰু ‘ জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ(জে আৰ এফ) আৰু সহকাৰী অধ্যাপক’ পদৰ বাবে যোগ্যতা নিৰ্ণয় কৰে। লগতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে – ৰাজ্যিক যোগ্যতা বাচনি (State Eligibility Test ,SET) নামৰ এটা পৰীক্ষাও হয়। এই পৰীক্ষাৰ সবিশেষ জানিবৰ বাবে ৰাজ্যিক যোগ্যতা বাচনি আয়োগৰ ৱেবছাইট (https://sletne.org) চাব পাৰে । ইয়াৰোপৰি আন কিছুমান সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষা হ'ল- বিভিন্ন মণ্ডলৰ ৰেলৱে ৰিক্রুইটমেণ্ট ব'ৰ্ডে বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, বেংকিং খণ্ড আৰু অন্যান্য ইঞ্চিউৰেঞ্চ কোম্পানীৰ পৰীক্ষা বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, মেনেজমেণ্ট টেষ্ট (MAT, CAT আদি) আদি।
প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ বিজ্ঞাপন ৱেবছাইট লগতে বাতৰি কাকত/আলোচনীত প্রকাশ হয় । শিক্ষাৰ্থীসকলে বিজ্ঞাপনৰ প্রতিটো শব্দ প্রথমৰ পৰা শেষৰলৈকে পঢ়িব লাগিব। প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ শেহতীয়া তথ্যৰ বাবে অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব ।
প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতে শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্ৰী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে । শিক্ষাৰ্থীসকলে সঘনাই বিভিন্ন কিতাপৰ পৰা যথেষ্ট তথ্য আহৰণ কৰে, যিবোৰ বেছিভাগ অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয়। এই অভ্যাস পৰিহাৰ কৰিব লাগে। পাঠ্যপুথিৰ প্ৰতিটো শাৰী পঢ়িব লাগিব, ধাৰণাসমূহ বুজি ল’ব লাগিব আৰু মুখস্থ কৰিব লাগিব । প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায় । কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে কোচিং ল'বই লাগিব বুলি কোনো কথা নাই । শিক্ষাৰ্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকত সমূহ কম আৰু ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ'ব ।
ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষাৰ্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব । শিক্ষাৰ্থীসকলে ইন্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ'ব ।
ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। মক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্ৰত্যাহ্বানজনক। শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে।
এই প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কিছুমানত সাধাৰণ জ্ঞানৰ পৰীক্ষাও লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বিভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , গাণিতিক সক্ষমতা (Mathematical ability) , বিচাৰ-বুদ্ধিৰ সক্ষমতা (Reasoning), ভাষা বুজা (Language Comprehension), মৌখিক সক্ষমতা (Verbal Ability), পৰিমাণগত সক্ষমতা (Quantitative ability) , বিশ্লেষণাত্মক দক্ষতা(Analytical Skills) আদি বিষয়সমূহৰ অনুশীলনো কৰাটো দৰকাৰ । প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে ৷ গতিকে শিক্ষাৰ্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে । শিক্ষাৰ্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্রস্তুতি চলালে এই প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব ।
শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে । তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব । চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে,কেৰিয়াৰৰ ক্ষেত্রত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে । কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাজন হয়তো কৰ্মস্থলীলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি ।ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় । তদুপৰি,ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব । উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে ।চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে । চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ ।চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে । সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ ।
বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু ,বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান্ৱিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় । কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
Writers Address
Career counsellor and Head of the, Department of Mechanical Engineering, Assam Don Bosco University, Guwahati
Phone
9435188630