top of page

অসমত শিল্পকলা চচাৰ্ৰ পৰিৱেশ আৰু সম্ভাৱনা

দেৱকৃষ্ণ বৰুৱা

JATRA

দেৱকষ্ণ বৰুৱাৰ শিল্পঃ  যাত্ৰা

  অলপতে এজন বিশিষ্ট শিল্পানুৰাগীয়ে মোক সুধিছিল-- ‘‘অসমত চিত্ৰকলাৰ এটা স্বকীয় শৈলী গঢ়ি নুঠাৰ কাৰণ কি বুলি ভাবা? তেওঁ হয়তো প্ৰশ্নটো সমসাময়িক শিল্পকলাৰ ভিত্তিত কৰিছিল৷ কিন্তু অসমত চিত্ৰকলাৰ এটা স্বকীয় শৈলী গঢ়ি উঠা নাছিল, সেয়া নহয়৷ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত আৰু তাৰ প্ৰায় দুশ বছৰৰ পাছত আহোম আৰু দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত অসমত এক চহকী চিত্ৰশৈলী গঢ় লৈ উঠিছিল৷ সেই সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত পুঠিচিত্ৰৰ লগতে সুকীয়া সুকীয়া শৈলীৰ চিত্ৰপৰম্পৰা গঢ়ি উঠিছিল৷ কিন্তু সেই সেই শৈলীৰ লগত শংকৰদেৱে প্ৰৱৰ্তন কৰা চিত্ৰশৈলীৰ শৰীৰাৱয়ৱ [Anatomy], বিভিন্ন অংগ-প্ৰত্যংগ, সাজ-পাৰ, মুদ্ৰা, প্ৰকাশভংগী, প্ৰাকৃতিক অনুষংগ আদিৰ যথেষ্ট পাৰ্থক্য লক্ষ্য কৰা যায়, যিয়ে অসমৰ পুথিচিত্ৰক এক স্বকীয় চিত্ৰশৈলী হিচাপে প্ৰতিষ্ঠা কৰিছে৷ কিন্তু লগতে এইটোও সত্য যে এই শৈলীয়ে বিভিন্ন কাৰণত বিশেষ বিকাশ আৰু বহুল প্ৰসাৰ লাভ কৰিব নোৱাৰিলে৷ প্ৰথম কথা, এই চিত্ৰবোৰ আছিল উদ্দেশ্যধম¹ সাহিত্যপুথিৰ ব্যাখ্যাচিত্ৰ৷ সেই সময়ত পুথি এখনৰ প্ৰস্তুত প্ৰণালী আছিল অতি কষ্টকৰ, খৰচী আৰু সময় খোৱা কাম৷ কিতাপৰ পাত [সাঁচিপাত] হাতেৰে প্ৰস্তুত কৰি পুথিসমূহ হাতেৰে নকল কৰিবলগীয়া হৈছিল বাবে সিবোৰৰ বিষয়গত মূল্যৰ লগতে কায়িক মূল্যও কম নাছিল৷ তাতে যদি সেইবোৰ সচিত্ৰ হয়, তেন্তে সিবোৰ নকল কৰাটোও এক দুঃসাধ্য কাম৷ গতিকে পুথিচিত্ৰই প্ৰসাৰতা লাভ নকৰাৰ লগতে সাধাৰণ পাঠক-দৰ্শক তাৰপৰা বঞ্চিত হৈছিল৷ সিবোৰ ধম¹য় অনুষ্ঠান বা ৰজাঘৰতেই আৱদ্ধ হৈ থাকিল৷ এই সচিত্ৰ পুথিসমূহ উদ্দেশ্যধম¹ হোৱা হেতু আৰু শিল্পীসকল সেই বিষয়বোৰত অভ্যস্ত হোৱা বাবে ছবিক সাধাৰণ দৃষ্টিৰে চোৱা বা সাধাৰণ বিষয়ত অঁকাৰ বোধ এটা তেওঁলোকৰ গঢ়ি উঠা নাছিল৷ অন্যথা বিষয়ান্তৰলৈ গতি কৰিব পৰা পৰিৱেশ এটা সেই সময়ত গঢ়ি উঠা নাছিল৷ দ্বিতীয়তে ৰাজনৈতিক অস্থিৰতা, শত্ৰুৰ আক্ৰমণ, যুদ্ধ-বিগ্ৰহ আদিয়ে হয়তো সেইসময়ত চিত্ৰকৰসকলক নিজৰ কামৰ ধাৰাবাহিকতা ৰক্ষা কৰাত অসুবিধাৰ সৃষ্টি কৰিছিল৷ সেয়ে অসমৰ শিল্প-সাহিত্যত প্ৰায় ডেৰশ বছৰীয়া এক শূন্যস্থানৰ সৃষ্টি হ’ল৷ প্ৰায় দুটা শতিকাৰ পাছত সমগ্ৰ ভাৰতৰ লগতে অসমলৈয়ো ব্ৰিটিছসকলৰ যোগেদি চিত্ৰকলাৰ এক নতুন শৈলীৰ প্ৰৱেশ ঘটিল৷ এই শৈলী ব্ৰিটিছ ৰোমাণ্টিক শৈলী৷ বহু শিল্পীয়ে এই ধাৰাক পোনে পোনে গ্ৰহণ কৰিলে আৰু বহু শিল্পীয়ে ইয়াক স্বকীয় শৈলীৰ সংমিশ্ৰণ ঘটাই এক সুকীয়া শৈলী নিমাৰ্ণ কৰিলে৷ পশ্চিমবংগত অবনীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত গঢ়ি উঠা বংগীয় শৈলীকো এই নতুন ধাৰাই প্ৰভাৱিত নকৰাকৈ নাথাকিল৷ তিৰুবান্দপুৰম [কেৰালা]ত জন্মগ্ৰহণ কৰা ৰাজা ৰবি বামাৰ্ই ব্ৰিটিছ শৈলী আৰু ভাৰতীয় বিষয়বস্তুৰে এক অনন্য চিত্ৰধাৰাৰ সৃষ্টি কৰিলে৷

   সি যি কি নহওক, বিংশ শতিকাৰ প্ৰথম ভাগতে অসমৰ লক্ষ্মীৰাম বৰুৱা, মুক্তানাথ বৰদলৈ, সুৰেন বৰদলৈ, জগত সিং কছাৰী আদি শিল্পীসকলে কলিকতাত এই নতুন ধাৰাত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰি আহি ছবি আঁকিবলৈ লয়৷ তেওঁলোকৰ পাছৰ অসমৰ এজন অতি প্ৰতিভাশালী শিল্পী হ’ল বিষ্ণুপ্ৰসাদ ৰাভা৷ তেওঁ বংগীয় শৈলী আৰু ব্ৰিটিছ ৰোমাণ্টিক শৈলীত বহুতো উচ্ছ পযাৰ্য়ৰ ছবি আঁকি থৈ গৈছে৷ ইয়াৰ পাছৰ পযাৰ্য়ত ১৯৪৭ চনত জীৱেশ্বৰ বৰুৱাৰ প্ৰচেষ্টাত গুৱাহাটীত অসম চাৰু-কাৰু কলা মহাবিদ্যালয় প্ৰতিষ্ঠা হয়৷ এই অনুষ্ঠানৰ যোগেদি ভালেমান আনুষ্ঠানিক শিল্পীৰ জন্ম হৈছে৷ গতিকে শংকৰদেৱ বা তৎকালীন ৰাজ আমোলৰ পাছত অসমত চিত্ৰকলাৰ এটা স্বকীয় শৈলী গঢ়ি উঠা নাছিল আৰু আমাৰ যি আধুনিক চিত্ৰশৈলী, সেয়া  বংগীয় শৈলী আৰু ব্ৰিটিছ ৰোমাণ্টিক শৈলীৰ আধাৰতহে গঢ়ি উঠা৷ সমসাময়িক চিত্ৰকলাই এক বিশাল পৰিসৰ লাভ কৰিছে;  বৰ্তমান বিশ্বৰ হয়তো কোনো ঠাইতে কোনো নিৰ্দিষ্ট শৈলী চলি থকা নাই৷ তথাপি ক’বই লাগিব যে ঊনবিংশ শতিকাত পশ্চিমত যিবিলাক আধুনিক শৈলীৰ সৃষ্টি হৈছিল, সিবিলাকৰপৰা বৰ্তমানৰ শিল্পীসকলো সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই৷
   বিংশ শতিকাৰ আৰম্ভণিৰেপৰা বৰ্তমানলৈকে অসমত বহুতো প্ৰতিভাধৰ আনুষ্ঠানিক-অনানুষ্ঠানিক শিল্পীৰ জন্ম হৈছে৷ কিন্তু সেই অনুপাতে অসমত শিল্পকলাৰ এক সামগ্ৰিক বাতাৱৰণ সৃষ্টি হৈছে বুলিব নোৱাৰি৷ আচলতে সমাজ এখনত যিকোনো ক্ষেত্ৰত কেৱল সৃষ্টিশীল ব্যক্তিৰ সৃষ্টি হ’লেই নহ’ব, সমসাময়িক ব্যক্তিসকলৰো এক শিল্প-ৰুচি গঢ়ি উঠিব লাগিব৷ এই ৰুচি কিন্তু নিজে নিজে গঢ়ি নুঠে৷ সমাজৰ ব্যক্তিৰ অধ্যয়ন, সমাজ সচেতনতা, দায়ৱদ্ধতা, সংস্কৃতিৰ প্ৰতি অনুৰাগ তথা শ্ৰদ্ধা, বস্তুবাদী চিন্তাৰ বিপৰীতে জীৱনমুখী চেতনা, মূল্যবোধ আদিৰ অবিহনে সমাজত শৈল্পিক বাতাৱৰণ এটা গঢ়ি উঠিব নোৱাৰে৷ কিন্তু বহুতো সমালোচকে কোৱাৰ দৰে এই ৰুচিবোধ গঢ়ি নুঠাৰ কাৰণ কেৱল সমাজ বা দৰ্শক নহয়; এইক্ষেত্ৰত শিল্পীসকলৰো কম-বেছি পৰিমাণে দোষ আছে৷

   বৰ্তমান অসমত দুখন কলা মহাবিদ্যালয়ৰ লগতে চুকে-কোণে অনেক ব্যক্তিগত খণ্ডৰ চিত্ৰকলা বিদ্যালয় গঢ়ি উঠিছে৷ বাহ্যিক দৃষ্টিৰে চাবলৈ গ’লে ইবিলাকে চিত্ৰকলাৰ এক বাতানুকুল পৰিমণ্ডলকে প্ৰতীয়মান কৰে৷ কিন্তু এই বিদ্যালয়বিলাকে চিত্ৰকলাৰ পৰিৱেশ নিমাৰ্ণত বিশেষ অৰিহণা আগবঢ়াইছে বুলি ক’ব নোৱাৰি৷ বহুক্ষেত্ৰত ইবিলাকে এচাম শিক্ষকৰ জীৱিকা আৰু প্ৰতিযোগিতাকালীন সমাজৰ কিছুমান স্থূল প্ৰয়োজনীয়তাহে পূৰণ কৰি আহিছে৷

cHILDHOOD

দেৱকষ্ণ বৰুৱাৰ শিল্পঃ  শৈশৱ অনুষঙ্গ

MATRI

   অপ্ৰিয় সত্যটো হ’ল, নিৰানবৈ শতাংশ অভিভাৱকেই কোনো সন্তানক শিল্পী হ’বলৈ চিত্ৰকলা বিদ্যালয়লৈ নপঠিয়ায়; পঠিয়ায় হাতৰ আখৰ ভাল হ’বলৈ, স্কুলৰ পৰীক্ষাত ছবি বিষয়ত দুটামান নম্বৰ বেছিকৈ পাবলৈ, চুবুৰীয়াৰ সন্তানৰ লগত ফেৰ মাৰিবলৈ আৰু দেওবাৰে সন্তানৰ আমনিৰপৰা নিজকে মুক্ত কৰিবলৈ৷ অৱশ্যে আজৰি পৰৰ সময়খিনি এনে এটা ভাল ব্যস্ত থাকিবলৈ দিয়াটোও এটা ভাল কথা৷ কিন্তু এনে চিন্তাৰ যোগেদি সমাজত শিল্পৰুচি গঢ়ি নুঠে৷ তথাপি এই স্কুলবিলাকৰ জৰিয়তে সেই এক শতাংশ আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰ বিকাশৰ বাবে এখন দুৱাৰ বিচাৰি পায়৷ সেই বাবেই এই স্কুলবিলাকৰ এক প্ৰাসংগিকতা আছে৷ কিন্তু এই প্ৰাসংগিকতাক উপলব্ধি কৰিব পাৰিব লাগিব চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকসকলে৷ দেখা যায় যে এই স্কুলবিলাক তেনেই গতানুগতিক পদ্ধতিৰে চলি আছে৷ কেৱল ব’ৰ্ড বা ছপা ছবি কিতাপৰপৰা চাই ছবি আঁকি থাকিলে এজন ছাত্ৰ বা ছাত্ৰীৰ কেতিয়াও উত্তৰণ হ’ব নোৱাৰে৷ ছবি শিকিব বিচৰা এজন ছাত্ৰক শিল্প-সূত্ৰ [থীঅ’ৰী]ৰ লগতে অধ্যয়ন [যেনে আউট ড’ৰ ষ্টাডী]ৰ সুবিধা দিব লাগিব, নিজৰ সমাজ-সংস্কৃতিৰ জ্ঞান দিব লাগিব [কাৰণ শিল্পী-সাহিত্যিকৰ সৃষ্টিত সদায় নিজৰ সমাজ-সংস্কৃতি প্ৰতিফলিত হোৱা উচিত] লগতে তেওঁলোকৰ জৰিয়তে অভিভাৱক তথা সমাজখনকো শিল্পকলাৰ প্ৰতি আকৃষ্ট কৰিব পাৰিব লাগিব৷ প্ৰায়বিলাক চিত্ৰকলা বিদ্যালয়তে দেখা যায় যে কলিকতাৰপৰা প্ৰকাশিত কিছুমান ছবি-কিতাপৰ আৰ্হিত ছবি শিকোৱা হয় আৰু সিবোৰ কিতাপ ছাত্ৰ-ছাত্ৰীকো নকল কৰিবলৈ দিয়া হয়৷ ফলস্বৰূপে তেওঁলোকৰ ছবিত অসমৰ সাজ-পাৰ, অসমৰ বিনন্দীয়া প্ৰকৃতি, অসমৰ ঘৰ-দুৱাৰ, সংস্কৃতিৰ বিপৰীতে বংগীয় ঘৰ-দুৱাৰ, সাজ-পাৰ, সংস্কৃতিয়ে ঠাই পায়৷

দেৱকষ্ণ বৰুৱাৰ  শিল্পঃ মাতৃ

SHADOW

দেৱকষ্ণ বৰুৱাৰ পোৰামাটিৰ শিল্পঃ ছাঁ

    আজিকালি শিশু-চিত্ৰ প্ৰায় দুষ্প্ৰাপ্য হৈ পৰিছে৷ তাৰ কাৰণো এই চিত্ৰকলা বিদ্যালয় আৰু চিত্ৰকলাৰ প্ৰতিযোগিতাসমূহ৷ প্ৰতিযোগিতা এখন পাতিবলৈ লৈ যি প্ৰচাৰ চলোৱা হয়, তাত বিষয়সমূহ উল্লেখ কৰি দিয়া হয় আৰু লগে লগে অভিভাৱকে শিক্ষকসকলক সেই বিষয়বোৰত ছবি শিকাই দিবলৈ জোৰ কৰে৷ কাৰণ, আমাক পুৰস্কাৰ লাগে, খিতাপ লাগে৷ অভিভাৱকক বুজাই দিব নোৱৰা শিক্ষকেও শ্ৰেণীৰ নিয়মীয়া কাম খতি কৰি ছাত্ৰ-ছাত্ৰীক শিকাই দিয়ে৷ ছাত্ৰ-ছাত্ৰীসকলো নকল কৰাত লাগি যায়৷ ফলত প্ৰতিযোগিতাত দেখা যায় কণ কণ ছাত্ৰ-ছাত্ৰীৰ সমুখত একোখন ডাঙৰ মানুহে অঁকাৰ দৰে ছবি, নকল ছবি৷ তেওঁলোকক জোৰকৈ ডাঙৰৰ দৰে ভাবিবলৈ দিলে, ডাঙৰৰ দৰে আঁকিবলৈ দিলে তেওঁলোকৰ প্ৰতিভাৰ স্বাভাৱিক বিকাশ কেনেকৈ হ’ব, সেই কথা ভাবিবলৈ কাৰো যেন আহৰি বা ইচ্ছা নাই৷
    সাম্প্ৰতিক অসমত শিল্পীসকলৰ দুটা অঘোষিত ভাগ দেখিবলৈ পোৱা যায়-- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিল্পী৷  তদুপৰি যিকেইখন নগৰত শিল্পকলাৰ একোটা বাতাৱৰণ চলি থকা বুলি আমি ভাবোঁ, সিবিলাকতো শিল্পীসকলৰ দলীয় মনোমালিন্য পৰিলক্ষিত হয়৷ ই ঠাই একোখনৰ শিল্পকলাৰ বাতাৱৰণৰ বাবে মুঠেও ইতিবাচক কথা নহয়৷ বহুতো আনুষ্ঠানিক শিল্পীয়ে অনানুষ্ঠানিক শিল্পীক শিল্পী বুলি গণ্য নকৰেই, বৰং হেয় প্ৰতিপন্ন কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ এয়া একোজন শিল্পীৰ ধৰ্ম কেতিয়াও হ’ব নোৱাৰে৷ ই শিল্পৰ উদ্দেশ্যৰ পৰিপন্থী৷ এনে শিল্পীৰপৰা সমাজে একো আশা কৰিব নোৱাৰে৷ এনে লোকে অস্বীকাৰ কৰিলেও এটা কথা সত্য যে অসমৰ কেইখনমান নগৰক বাদ দি চুকে কোণে যি অকণ শিল্পকলাৰ পৰিৱেশ গঢ়ি উঠিছে সেইক্ষেত্ৰত আনুষ্ঠানিক শিল্পীতকৈ অনানুষ্ঠাকি শিল্পীৰ অৱদান বেছি৷ প্ৰায়বিলাক আনুষ্ঠানিক শিল্পীয়েই নিজৰ অঞ্চললৈ পিঠি দি কেৱল নিজৰ বিকাশ আৰু প্ৰকাশৰ বাবেই নগৰীয়া জীৱন গ্ৰহণ কৰিছে৷ কিন্তু তাৰ বিপৰীতে বহুতো অনানুষ্ঠানিক শিল্পীয়ে সৰু সৰু ঠাইবোৰত শিল্প চচাৰ্ কৰি, তাক প্ৰদৰ্শন কৰি সমাজত শিল্পৰুচি গঢ়ি তোলাত অৰিহণা যোগাই আহিছে৷ আনকি গাঁৱে-ভূঁয়ে চলি থকা প্ৰায়বিলাক চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকো অনানুষ্ঠানিক শিল্পী৷
   বৰ্তমান অসমত শিল্পীৰ অভাৱ নাই, অভাৱ আছে শিল্প সংগঠকৰ, একেলগে কাম কৰি সমাজক উত্তৰণ ঘটোৱা মানসিকতাৰ৷ অসমত যিমান আনুষ্ঠানিক শিল্পী আছে, তেওঁলোকে ইচ্ছা কৰিলে অসমত শিল্পকলাৰ এক আন্দোলন গঢ়ি তুলিব পাৰে৷ তেওঁলোকে কেৱল নিজৰ প্ৰতিভা প্ৰকাশতে লাগি নাথাকি, সামান্য ত্যাগ কৰি, অনানুষ্ঠানিক শিল্পীসকলকো লগত লৈ সমাজৰ মাজলৈ কাম কৰিবলৈ ওলাই আহিলে ভৱিষ্যৎ প্ৰজন্মৰ শিল্পীসকলে এক ৰুচিকৰ সমাজত শিল্পসাধনা কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ৷

TERRACOTA

দেৱকষ্ণ বৰুৱাৰ পোৰামাটিৰ শিল্প

Address

Artist, Dowarah Chuk, Near Dibrugarh University, Dibrugarh

Phone

7086170623

Email

bottom of page