top of page

ড॰ সৌমাৰজ্যোতি মহন্ত

 

ৰাজ্যত নতুন উদ্যোগিক পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ প্ৰচেষ্টাই খুলিছে সম্ভাৱনাৰ দুৱাৰ

AI_chip_semiconductor_circuit_board_GettyImages-1472905256.webp

                                          
    এখন ৰাজ্যৰ উদ্যোগিক বিকাশ সাধন হ’বলৈ হ’লে প্ৰয়োজন এক নিৰৱিছিন্ন, পৰিকল্পিত, বিজ্ঞানসন্মত আৰু সু-পৰিচালিত গতিধাৰাৰ৷ এই গতিধাৰাৰ মূল অংশীদাৰ চৰকাৰ প্ৰশাসন হ’লেও সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত এক উদ্যোগিক মানসিকতা, ভাৱধাৰাৰ প্ৰয়োজন৷ বিগত তিনিবছৰত অসম চৰকাৰে উদ্যোগিক বিকাশৰ উদ্দেশ্যে আগত ৰাখি গ্ৰহণ কৰা বহু পদক্ষেপে উদ্যোগীকৰণৰ ভেটি সৱল কৰাৰ ক্ষেত্ৰত ইন্ধন যোগাইছে৷ উত্তৰ-পূৱক আন্তঃৰাষ্ট˜ীয় বিনিয়োগকাৰীৰ বাবে গঢ়ি তোলাৰ বাবে অথাৰ্ৎ অসমক মুখ্য কৰি উত্তৰ-পূৱত এক উদ্যোগিক পৰিস্থিতিতন্ত্ৰ [Industrial eco system] গঢ়াৰ বাবে উত্তৰ-পূৱৰ ৰাজ্য চৰকাৰ সমূহ, ফিকি [Ficci], ইনভেষ্ট ইণ্ডিয়া আৰু ই-ৱাইৰ সহযোগত মেজমেল, ৰাজ্য চৰকাৰৰ কেবিনেটত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদান, শিক্ষিত নিবনুৱা সকলৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে ‘আত্মনিৰ্ভৰ অসম’ আঁচনিৰ প্ৰয়োগ, কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অসম আৰু উত্তৰ-পূব বিকাশৰ বাবে প্ৰয়োগ কৰা ‘উন্নতি-২০২৪’ উদ্যোগিক ৰূপান্তৰকৰণ আঁচনিৰ অনুমোদন আদি বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তদুপৰি ইতিপূৰ্বে অসম চৰকাৰে ৰাজ্যৰ তৈলখণ্ডৰ মূল দুই উদ্যোগ অইল ইণ্ডিয়া, এন আৰ এল-ত অসম চৰকাৰৰ অংশীদাৰিত্ব বৃদ্ধি আৰু নতুনত্বৰ সংযোজন, প্ৰতিভাৱান কৰ্মশক্তিৰে ভৰপূৰ ৰাজ্যখনত ‘ইজঅৱ দুয়িং বিজিনেছ ’পদক্ষেপ, অসম উদ্যোগিক নীতি, ই ভি নীতি, উদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি, নৱীকৰণযোগ্য শক্তি নীতি, কৃষি আৰু কৃষি উদ্যোগিক বিকাশ নীতি, ইতিহাস প্ৰসিদ্ধ স্থানত সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনকে ধৰি বহু সময়পোযোগী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উত্তৰ-পূৱ ৰূপান্তৰকৰণ উদ্যোগীকৰণ আঁচনি [উন্নতি-২০২৪] ৰ দ্বাৰা কেইবাটাও স্তৰত বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে অহা আঠটা বছৰত মুঠতে ১০,০৩৭ কোটি বিনিয়োগ কৰা হ’ব৷ উল্লেখ্য উন্নতি-২০২৪ ৰ অধীনত বিনিয়োগকাৰীসকলক একাধিক পযাৰ্য়ত জি এচ টি ৰেহাই দি প্ৰায় ২১৮০ টা  বিনিয়োগৰ প্ৰস্তাৱত সঁহাৰি জনোৱাৰ লগতে অসম আৰু উত্তৰ-পূৱৰ ৮৩ হেজাৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হ’ব৷ পৰ্যটন বিকাশৰ ক্ষেত্ৰত অফুৰন্ত সম্ভাৱনাপূৰ্ণ অসমক লৈ বহু আঁচনি প্ৰকল্প লোৱা হৈছিল যদিও আজিকোপতি আশাপ্ৰদভাৱে এই ক্ষেত্ৰত অগ্ৰসৰ হোৱা নাই৷ ড॰ হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পৰ্যটন খণ্ডক  এক উদ্যোগ হিচাপে সিদ্ধান্ত গ্ৰহণ কৰাটো  ৰাজ্যৰ বাবে এক আশাৰ বতৰা৷ উদ্যোগিক নীতিৰ অধীনত পৰ্যটন  খণ্ডক অধিক গতিশীল  আৰু দক্ষ কৰাৰ বাবে কেতবোৰ উল্লেখযোগ্য ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছে৷  সেই মৰ্মে পূৰ্বতে উদ্যোগিক নীতিত অন্তৰ্ভূক্ত থকা শ্ৰী ষ্টাৰ হোটেল-ৰিজৰ্ট, নদী পৰিভ্ৰমণৰ লগতে নতুন উদ্যোগিক নীতিত হেৰিটেজ হোটেল, বাংলো, কেম্পিং ছাইট ৰেষ্টুৰেণ্ট, বিনোদন পাৰ্ক, ৰোপৱে, সংগ্ৰহালয়, টুৰ অপাৰেটৰ সেৱা,  দুঃসাহসিক অভিযান, জলক্ৰীড়া আদিও অন্তৰ্ভূক্ত কৰা হ’ব৷ উল্লেখ্য অসমৰ যুৱ প্ৰজন্মৰ এচামে এনে উদ্যোগ সমূহৰ সৈতে জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ দ্বাৰা টুৰিজিমক উদ্যোগ কৰাৰ বাবে লোৱা চৰকাৰী সিদ্ধান্তই আৰু বহুতকে অনুপ্ৰাণিত কৰিব৷ অসম চৰকাৰে ক্ষুদ্ৰ উদ্যোগী সকলৰ বিকাশৰ লগতে ১০০ কোটি টকাতকৈ অধিক পুঁজি বিনিয়োগ কৰিব বিচৰা উদ্যোগপতি সকলৰ সহায়ক হোৱাকৈয়ো এক পৰিবেশ সূচনা কৰাটো লক্ষণীয় দিশ৷ খাদ্য প্ৰস্তুতকৰণ, চিমেণ্ট, গ্লাছ, ইলেকট্ৰিক যান-বাহন নিমাৰ্ণ আদিৰ বাবে পেপছিকো ইণ্ডিয়া, বৰুণ বেভাৰেজ লিমিটেড, কেলকম চিমেণ্ট, ষ্টাৰ চিমেণ্ট, চেঞ্চুৰী ফ’ট গ্লাছ, তাজ চিমেণ্ট আদিৰ সৈতে ৰাজ্য চৰকাৰে কৰা বুজাবুজিৰ চুক্তি মৰ্মে এই উদ্যোগসমূহে অসমত ব্যাপক পৰিমাণে বিনিয়োগ কৰিব৷ উত্তৰ-পূবাৰ্ঞ্চল তথা অসমৰ পৰা উদ্যান শস্যৰ সামগ্ৰীৰ ১৫ানি উদ্দেশ্যে কাগোৰ্ বিমান চালনৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰৰ আন্তঃগাথনি নিমাৰ্ণৰ সিদ্ধান্ত, আত্মসহায়ক গোট সমূহে নিজকে ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰৰ দ্বাৰা ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ [জি ডি পি] ৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে কপাৰ্ছ ফাণ্ড সৃষ্টি, ২ লাখ নতুন যুৱ উদ্যোগীক ৰাজ সাহাৰ্য প্ৰদানৰ যোগেদি ২ লাখ টকাকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে প্ৰদান আদিৰে সা-সুবিধা ৰাজ্যৰ উদ্যোগিক দৃশ্যপটৰ বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ৷ ৰাজ্যৰ উদ্যোগিক আৰু সেৱা খণ্ডৰ উন্নয়নৰ বাবে নেডফিয়ে অসমক ৫০০ কোটি টকাৰ অনুমোদন দিছে যাৰ যোগেদি শিক্ষা, খাদ্য সংসাধীকৰণ, হস্ততাঁত-বস্ত্ৰশিল্প, স্বাস্থ্য, হোটেল আৰু পৰ্যটন, ক্ষুদ্ৰ বিত্তীয় সেৱা আদি খণ্ডত বিনিয়োগ হ’ব৷ উল্লেখ্য ‘নেডফি-মাইক্ৰ লেণ্ডিং আঁচনি’-ৰ যোগেদি উত্তৰ-পূৱত প্ৰায় ৯ লাখ লোক উপকৃত হৈছে, য’ত ৯০ শতাংশই মহিলা৷ তাৎপৰ্যৰ বিষয় উদ্যম পৰ্টেলৰ যোগেদি অসমৰ মহিলা উদ্যোগীয়ে এক আশাব্যঞ্জক সফলতা অৰ্জন কৰাটোৱে ৰাজ্যখনৰ উদ্যোগীকৰণৰ যোগাত্মক প্ৰতিচ্ছবিক প্ৰতীয়মান কৰিছে৷ উদ্যম পৰ্টেলত ২০২৪ চনৰ জানুৱাৰী মাহলৈকে ৰ লাখৰো অধিক অসমৰ মহিলাৰ দ্বাৰা পৰিচালিত এম-এছ-এম ই উদ্যোগ প্ৰতিস্থানৰ পঞ্জীয়ন কৰা হৈছে৷ এই উদ্যোগীসকলে ২০২০ চনৰ ৰ জুলাইৰ পৰা ২০২৪ চনৰ ৩১ জানুৱাৰীলৈ ১৯৮৬ কোটি টকা বিনিয়োগ কৰি উপাৰ্জন কৰিছে ২১,৮৯৯ কোটি টকা৷ উদ্যম পৰ্টেলৰ সহযোগী মঞ্চতো পঞ্জীয়নভূক্ত হৈছে অসমৰ ৫০ হেজাৰৰ অধিক মহিলা আৰু তেওঁলোকে নিযুক্তি দিছে প্ৰায় ৫৮ হেজাৰ লোকক৷ মহিলাৰ যোগেদি ৰাজ্যত চলি থকা এই নীৰৱ বিপ্লৱ অধিক তৰাম্বিত হ’লে ৰাজ্যৰ জি ডি পি-বৃদ্ধিৰ উপৰিও আন বহু উন্নয়ন হোৱাটো নিশ্চিত৷ অৱধাৰিতভাৱে এনে ব্যৱস্থাই নাৰী সৱলীকৰণৰ দিশটোকো প্ৰতিফলিত কৰাৰ লগতে ৰাজ্যৰ সামাজিক ব্যৱস্থা [Social System] টোলৈকো আশাৰ বতৰা কঢ়িয়াই আনিছে৷ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আত্মনিৰ্ভৰ অসম-ৰ ধাৰণাক অনুধাৱন কৰি শিক্ষিত নৱ প্ৰজন্ম আগবাঢ়ি অহাটো সময়ৰ দাবী৷ সাম্প্ৰতিক সময়ত দেশত তথ্য-প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, ব্যৱসায়-বাণিজ্য, খাদ্য, কৃষি, নিমাৰ্ণ খণ্ড, বিপণন, খুচুৰা ব্যৱসায়, বাহন উদ্যোগ, মিডিয়া উদ্যোগ, মানৱ-সম্পদ আদি বিভিন্ন ক্ষেত্ৰত ষ্টাৰ্ট আপ গঠনৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মই আগ্ৰহ প্ৰদৰ্শন কৰিছে৷ অসমত বৰ্তমানলৈকে  স্বীকৃতি প্ৰাপ্ত ষ্টাৰ্ট আপৰ সংখ্যা প্ৰায় ৭ শতাধিক আৰু ক্ৰমান্বয়ে এচাম উচ্ছ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ মোহ ত্যাগ কৰি ষ্টাৰ্ট আপ গঠনৰ বাবে আগবাঢ়ি আহিছে৷ দেশৰ অন্যান্য উন্নত ৰাজ্যৰ তুলনাত অসমত ষ্টাৰ্ট আপৰ ক্ষেত্ৰত বহু কৰণীয় আছে যদিও নিমাৰ্ণ খণ্ডকে মুখ্য কৰি আন কেইবাটাও খণ্ডৰ সাফল্যই এক যোগাত্মক দিশ কঢ়িয়াই আনিছে৷ গুৱাহাটীৰ জেৰাণ্ড ব্ৰিকছ-এ ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ সময়ছোৱাত বছৰি প্ৰায় ৪১০ শতাংশ আয় কৰিবলৈ সক্ষম হৈছে৷ ডেভিদ গগৈ, মৌচুম তালুকদাৰ আৰু ৰূপম চৌধুৰী নামৰ তিনি গৰাকী উচ্ছ শিক্ষিত যুৱ-উদ্যোগীৰ নেতৃত্বত নিৰ্মিত পৰিবেশত অনুকুল ইটাই ৰাজ্যৰ লগতে ভূটান, পশ্চিমবঙ্গ, মহাৰাষ্ট˜তো পৰিসৰ লাভ কৰিছে৷ বাৰ্হিৰাজ্যৰ ওপৰত সততে নিৰ্ভৰশীল অসমৰ কৃষি, খাদ্য সামগ্ৰীৰ বজাৰখনৰো লাহে লাহে পট-পৰিৱৰ্তনৰ সূচনা হৈছে৷ অসম তথা উত্তৰ-পূৰ্বত উৎপাদিত আনাৰস, আদা, হালধি, ইলাচি, জালুক, ভোট জলকীয়া, তেজপাত, ক’লা চাউল, কিৱি, লিচু, ড্ৰেগন ফল, তৰমুজ, ৰঙালাউ, কাজি নেমু আদিৰ ক্ৰয় বিপণনে গতিশীলতা লাভ কৰিছে আৰু বিদেশলৈকো ১৫ানি আৰম্ভ হৈছে৷ কৃষ্টি সম্পদৰ ১৯ বিধ সামগ্ৰীক থলুৱা জি-আই টেগ লাভৰ দ্বাৰা সংৰক্ষণৰ লগতে বাণিজ্যিকভাৱে উৎপাদনৰ দ্বাৰা বজাৰ দখলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উদ্যোগ আদৰণীয়৷ ৰাজ্যৰ উদ্যোগিক মানচিত্ৰৰ সামগ্ৰিক প্ৰতিচ্ছবি সলনি কৰিবৰ বাবে মূলতঃ মুখ্যমন্ত্ৰীয়ে বিগত তিনি বছৰত গ্ৰহণ কৰা পদক্ষেপ সমূহে ভৱিষ্যতৰ বাবে এক সৱল যাত্ৰাৰ ইঙ্গিত বহন কৰিছে৷
    ছেমি কনডাক্ টৰ--- ৰাজ্যৰ বাবে আশাৰ দুৱাৰ ...                       
    সাম্পতিক বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটৰ উপৰি ভূ-ৰাজনৈতিক, কূটনৈতিক দিশৰ ক্ষেত্ৰতো ছেমিকনডাক্‌টৰ উদ্যোগ হৈ পৰিছে এক গুৰুত্বপূৰ্ণ আহিলা৷ ছেমিকনডাক্‌¸টৰ হৈছে এবিধ ছিলিকন ছিপ যি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা স্মাৰ্ট ফোন, ডিজিটেল কেমেৰা, অটমবাইল, এয়াৰক্ৰাফ্‌ট, যোগাযোগৰ উপকৰণ, কম্পিউটাৰ, লেপটপ অত্যাধুনিক তীব্ৰ গতিৰ ৰেল, এটি এম, অটমবাইল, যানবাহন আদিত ব্যৱহাৰ কৰা হয়৷ টাইৱান, চীন, দক্ষিণ কোৰিয়া, জাপান আদি দেশৰ নিৰ্দিষ্ট কিছুমান প্ৰতিষ্ঠানৰ আধিপত্য থকা এই উদ্যোগৰ এক বৃহৎ বজাৰ থকাৰ স্বতেও ভাৰত এই ক্ষেত্ৰত বহু পিছপৰি আছিল৷ কভিদৰ সময়ছোৱাৰ পিছৰ পৰাই সমগ্ৰ বিশ্বত ছেমি কনডাক্‌ টৰ নিমাৰ্ণৰ প্ৰতিযোগিতা আৰম্ভ হয়৷ ভাৰতবৰ্ষ এই উদ্যোগৰ এক সীমাহীন সম্ভাৱনাৰেভৰপূৰ দুৱাৰ ৰূপে পৰিগণিত হোৱালৈ লক্ষ্য ৰাখি আমেৰিকাৰ বহুজাতিক ছেমি কনডাক্‌টৰ নিমাৰ্তা প্ৰতিষ্ঠান মাইক্ৰনে গুজৰাটত এটি এম পি অথাৰ্ৎ এছেম্বলি, টেষ্টিং, মাৰ্কিং, পেকেজিং গোট নিমাৰ্ণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ ইয়াৰ পিছত এ এম ডি নামৰ প্ৰতিষ্ঠানটোৱে বেংগালুৰুত ডিজাইন চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত, ছেমছাং ছেমিকনডাকটৰ ৰ দ্বাৰা বেংগালুৰুত গৱেষণা আৰু বিকাশ কেন্দ্ৰকে ধৰি এটাৰ পিছত এটাকৈ উদ্যোগ প্ৰতিষ্ঠানে ছেমিকনডাকটৰ উদ্যোগ গঠনৰ বাবে আগবাঢ়ি অহাটো দেশৰ বাবে শুভলক্ষণ৷ শেহতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ঢোলেৰা আৰু সদানন্দৰ লগতে অসমৰ জাগীৰোডত তিনিটা ছেমিকনডাকটৰ ইউনিটৰ আধাৰশিলা স্থাপনৰ লগে লগে অসম বিশ্বৰ ছেমিকনডাকটৰৰ উদ্যোগিক মানচিত্ৰত এক স্থান লাভ কৰিবলৈ সক্ষম হোৱাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ টাটা গ্ৰুপে ২৭ হেজাৰ কোটি টকা ব্যয়েৰে নিমাৰ্ণ কৰিবলগীয়া এই প্ৰকল্পটোৱে দৈনিক ৪৮ মিলিয়ন ছিপছ উৎপাদন কৰিব আৰু বহু হেজাৰ যুৱক-যুৱতীৰ প্ৰত্যক্ষ নিয়োগ সৃষ্টি কৰাৰ লগতে এই উদ্যোগৰ আধাৰত ৰাজ্যত কিছু ভটিয়নী [Downstream] আৰু আনুসাংগিক [Ancillary] উদ্যোগ প্ৰতিষ্ঠাৰ বাট মুকলি কৰিব যি পৰোক্ষভাৱে বহু জনৰ বাবে নিয়োগ সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব৷ ছেমিকনডাকটৰ প্ৰকল্পৰ ক্ষেত্ৰত আমেৰিকাই ৩০ শতাংশ মূলধনী ৰাজসাহাৰ্য প্ৰদান কৰাৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ৫০ শতাংশ আৰু ৰাজ্য চৰকাৰে ২০ শতাংশ ৰাজসাহাৰ্য প্ৰদান কৰে৷ ইয়ে প্ৰতীয়মান কৰে বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল ফোন নিমাৰ্ণকাৰী দেশ তথা ছিপছ নিৰ্ভৰ বহু আহিলা সা-সৰঞ্জামৰ এক বৃহৎ বজাৰ থকা দেশখনক ছেমিকনডাকটৰ হাব ৰূপে প্ৰতিষ্ঠা কৰাৰ সদিচ্ছাক চৰকাৰী তথ্য মতে ছেমিকনডাকটৰৰ বজাৰৰ ক্ষেত্ৰত ভাৰতৰ পৰিসৰ ২০২১ চনলৈকে ২৭.২ বিলিয়ন ডলাৰ আছিল আৰু ২০২৩ চনত এই পৰিসৰ ১৯ শতাংশ বৃদ্ধি পাইছে৷ অসমত ইতিমধ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত এই উদ্যোগৰ বাবে এক দক্ষ ৱৰ্কফৰ্চ তৈয়াৰ কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন বিশেষজ্ঞৰ দ্বাৰা কলেজ, বিশ্ববিদ্যালয়ক জড়িত কৰি প্ৰশিক্ষণ অব্যাহত ৰখা হৈছে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে টাটাই এই স্বদেশী অৰ্ধপৰিবাহী সমাবিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ অসমত নিৰ্মিত ছিপছ সমূহত ‘মেইড ইন আছাম’ বুলি অংকিত হোৱাটো ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ বাবে হ’ব এক বিৰল প্ৰাপ্তি৷ দেশ-বিদেশৰ মানচিত্ৰতো এই উদ্যোগৰ বাবে অসম চাহৰ পিছতে হ’ব পাৰে এক চিনাকি নাম৷ উল্লেখ্য এক ইষ্ট পলিচী-ৰ যোগেদি বাংলাদেশ আৰু ‘আছিয়ান’ দেশ সমূহৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ যোগেদি চৰকাৰে উত্তৰ-পূৱৰ খাদ্য শস্যকে ধৰি বিভিন্ন সামগ্ৰী  ১৫ানি হাব ৰূপে গঢ়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত ছেমিকনডাক্‌টৰৰ উত্থানে ইয়াত অধিক গতিশীলতা প্ৰদান কৰিব৷ কোৱা বাহুল্য ৰাজ্যৰ সামগ্ৰিক উদ্যোগিক দৃশ্যপটক সলনি কৰাৰ বাবে বিগত তিনি বছৰত পূৰ্বে নোহোৱা বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এয়া সঠিকভাৱে অগ্ৰসৰ হ’লে ৰাজ্যৰ ঋণ নিৰ্ভৰতা হ্ৰাস পোৱাৰ লগতে জি ডি পি বৃদ্ধি পাব, নিয়োগ বৃদ্ধি পাব৷ পযাৰ্য়ক্ৰমে ইয়ে মুখ্যমন্ত্ৰীৰ সপোনৰ দেশৰ পাচ শ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠৰূপে অসমক প্ৰতিপন্ন কৰিব৷¸    
                                          

                       

Writers Address

The President of Assam College Principals' Council

Phone

9435055042

Email

bottom of page