top of page

শুভেচ্ছা বাণী

From Education Minister of Assam
Ranoj Pegu, Education Minister

শুভেচ্ছা বাণী

VC Dibrugarh University

শুভেচ্ছা বাণী

blank

Dr. Binud Ch. Borah

Registrar

borahbinod@gmail.com

Office of the Registrar

Garamur, Majuli District

Assam, PIN 785 104

Reference No. MUC/RG-01/22-23/                                                                                     Date: 11.06.2024

‘মাজুলী’- উজনী মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ এক বৌদ্ধিক ডেউকা

শুভচিন্তাৰ প্ৰতি শুভবাৰ্তা

       অনেক সীমাবদ্ধতা আৰু প্ৰত্যাহ্বানৰ মাজেৰে উচ্চ শিক্ষা, বিজ্ঞানসন্মত সমাজ-চেতনা আৰু উৎকৰ্ষ-প্ৰাপ্তিৰ বাবে প্ৰতিশ্ৰুত উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় আজি বহু ভৱিষ্য-প্ৰত্যাশী সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থীৰ বাবে এটি আশাৰ ঠিকনা। নিভাঁজ জনজাতীয় জীৱন-সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ, শঙ্কৰ-মাধৱৰ অমৃতবাণীৰে সমৃদ্ধ হৈ মহাবিদ্যালয়খনে ইতিমধ্যে এটা নিজস্ব শক্তিশালী পৰিচয় গ্ৰহণ কৰিছে। যদিও একে শিক্ষা নীতি, একে ব্যৱস্থাৰ অধীনত উজনি মাজুলী খেৰকটীয়া বা মাজুলীৰ আন মহাবিদ্যালয়কেইখনে এটা সামগ্ৰিক ৰাষ্ট্ৰীয় চৰিত্ৰ পৰিগ্ৰহণ কৰিবলগীয়া হৈছে, এই মহাবিদ্যালয়সমূহৰ পটভূমি, ইতিহাস বা আৰ্থ-সামাজিক প্ৰস্থিতি তথা প্ৰাসংগিকতা চহৰাঞ্চলৰ উচ্চশিক্ষানুষ্ঠানৰ তুলাচনীৰে জুখিলে সমাজে শুদ্ধ উত্তৰ নেপাব। এটা সময়ত এই মহাবিদ্যালয়সমূহৰ আঁৰত থকা এমুঠিমান স্বপ্নদৰ্শী মানুহে একোটা ডাঙৰ সপোন দেখিছিল; সেই সপোনৰ পোহৰত গাঁৱে-ভূঞে অভাৱত অৱহেলিত হৈ থকা সম্ভাৱনাময় যুৱশক্তিক উজ্জ্বল জীৱনৰ বাট বুলিবলৈ আহ্বান জনাইছিল আৰু তেনেকৈ প্ৰথমে ইজন-সিজনৰ বৰঙণিৰে মহাবিদ্যালয়সমূহ গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত কলেজসমূহ হয়তো ঘাটিমঞ্জুৰীপ্ৰাপ্ত বা প্ৰাদেশীকৃত হ’ল; কিন্তু এইযে যি উদ্দেশ্য আৰু পটভূমিৰে অসমৰ গ্ৰামাঞ্চলসমূহত মহাবিদ্যালয়সমূহে সেৱা আগবঢ়াই আছে, সেই পৰিৱেশৰ বিশেষ সলনি হোৱা নাই।

       উজনী মাজুলী খেৰকটীয়া মহাবিদ্যালয়ো তেনে এখন উচ্চশিক্ষানুষ্ঠান। আৰু বহুততকৈ বেলেগো। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ ল’ৰা-ছোৱালীয়েও একে পাঠ্যক্ৰমৰে শিক্ষা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ নিতৌ ন-ন পাঠৰ অনুশীলন কৰিছে, নতুন নতুন কুশলতা আৰ্জন কৰিবলৈ শিকিছে। কিন্তু সমান্তৰালকৈ বিহু-ঐনিতম গাইছে, বৰগীত-খোল-তালৰ ধ্বনিক নিজৰ তেজত প্ৰৱাহিত কৰিছে। কলেজলৈ অহাৰ আগতে পথাৰত মাক-দেউতাকক সহায় কৰিবলৈ শিকিছে, নতুনকৈ জগা দামুৰিটোক যতন লবলৈ হেঁপাহ কৰিছে।

   আমাৰ সুবিধাবোৰো বহুততকৈ বেলেগ। কলেজলৈ আহিবলৈ চিটিবাচ নাই, গা শীতলাই চাইকেল মাৰি আহিবলৈ বাঁহতলীয়া সুৰুকীয়া বাটবোৰ আছে। আমাৰ ছাত্ৰ-ছাত্ৰী অনুসাৰে কম্পিউটাৰৰ মণিটৰ নাই, মুৰৰ ওপৰতে মহানগৰত নথকা এখন অসীম নীলা আকাশ আছে; আমাৰ শ্ৰেণী-কোঠাত বাতানুকুলীন যন্ত্ৰতো নায়েই, বিজুলী পাংখাও পৰ্যাপ্ত পৰিমাণে নাই, কিন্তু বৰলুইতৰ নিৰ্মল বতাহবোৰ আকৌ চহৰবোৰত নাই। দৃষ্টিনন্দন সুউচ্চ অট্টালিকা নথকাৰ বাবে আমাৰ ঠাইখনক, কলেজখনক পিচপৰা যেন লাগে; পিচে চকুৱে সামৰি ল’ব নোৱাৰাকৈ বিস্তীৰ্ণ সেউজীয়া, তাৰ মাজে মাজে নানাৰঙী বনৰীয়া ফুল- সেয়া চহৰত নাই। আমি য’ত আছো- তাত কলঘৰ, গাড়ী-মটৰৰ যন্ত্ৰধনি নাই, আছে পৃথিৱীৰ বাবে ক্ৰমাৎ মহঙা হৈ পৰা বন-বিহগৰ কাকলি, গাই-দামুৰিৰ হেম্বেলনি। এই সুবিধাবোৰ আধুনিক মানুহে গোটাই ল’ব নোৱাৰা, টকা দিলেও কিনি ল’ব নোৱাৰা। সুচল বাট-পথ, ক্ৰমাৎ ভাল হৈ অহা যোগাযোগ, চিকিৎসা আদিৰ পৰিকাঠামো, আমাৰ শিক্ষানুষ্ঠানসমূহৰ কৰ্মৰত প্ৰতিভাৱান শিক্ষকসকল- এই সকলো সুবিধা থকাৰ পাচতো আমাৰ উচ্চশিক্ষানুষ্ঠানসমূহ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পচন্দ হ’ব নোৱাৰেনে?

‘     মাজুলী’- এই ই-আলোচনীখনৰ জৰিয়তে উজনী মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ আন এক বৌদ্ধিক ডেউকা মুকলি হৈছে। ভৱিষ্যতৰ পথত নিজৰ পৰিচয় পাবলৈ হ’লে এই আলোচনীয়ে গতানুগতিকতাৰ পৰা ব্যতিক্ৰম হৈ উৎকৰ্ষৰ সাধনা কৰিব লাগিব। বদ্ধমূল চৰ্বিত-চৰ্বনৰ পৰা উৰ্দ্ধলৈ গৈ নতুন আৰু ৰূপান্তৰৰ বাট কাটিব লাগিব। কেৱল আত্মশ্লাঘা অথবা সমালোচনা-পৰ্যালোচনা নহয়, ভৱিষ্যতৰ কথাও ক’ব লাগিব।

    আপোনালোকে পাৰিব। যাৰ দৃষ্টিত সৃষ্টিৰ কামনা, যাৰ লক্ষ্যত উত্তৰণৰ বাসনা, যাৰ শ্ৰমত সেৱাৰ বাসনা, তেওঁলোকৰ বাবে কোনো বাটেই দুৰ্গম নহয়, কোনো শৃংগই অলংঘ্য নহয়।

আমাৰ আন্তৰিক শুভকামনা জনালোঁ।

 

 

 

     ড° বিনোদ চন্দ্ৰ বড়া

  পঞ্জীয়ক

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

signature
Dr Binu ch. Borah

শুভেচ্ছা বাণী

Pramananda Sonowal

শুভেচ্ছা বাণী

from Anuradha Sarma Pujari
Anuradha Sharma Pujai

শুভেচ্ছা বাণী

Phanindra Kumar Deva Choudhury

        সম্ভাষণ গ্ৰহণ কৰিব ৷

       জানিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মহাবিদ্যালয়ৰ তৰফৰ পৰা এক সু-পৰিকল্পনাৰে এখন ই- আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

        দুটা কথাই মোৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰথম - এইখন এখন মাজুলী শীৰ্ষক সমাজ,সাহিত্য আৰু সংস্কৃতি বিষয়ক আলোচনী ৷ মাজুলী  স্বকীয় বৈশিষ্টৰে সমগ্ৰ বিশ্বতে পৰিচিত আৰু প্ৰখ্যাত ৷ সমান্তৰালভাবে  মাজুলী , আমাৰ প্ৰত্যেকৰে বাবে এক দায়িত্বও ৷ শ্ৰীমন্ত শঙ্কৰদেৱক নাজানিলে যেনেকৈ আমি প্ৰকৃত অসমীয়া বুলি দাবী কৰিব নোৱাৰোঁ , তেনেকৈ মাজুলীক নাজানিলেও অসমীয়া বুলি  দাবী কৰাৰ অধিকাৰ আমাৰ নাথাকে  ৷  আশা কৰিছোঁ এই আলোচনীখনে মাজুলীৰ সকলো দিশৰ ওপৰত আলোকসন্ধানী দৃষ্টি নিক্ষেপ কৰি মাজুলীক তাৰ অনন্যতাৰে উদ্ভাসিত কৰি তুলিব ৷ 

দ্বিতীয় যিটো কথাই মোৰ দৃষ্টি আকৰ্ষণ কৰিছে , সেয়া হʼল - এইখন এখন ই- আলোচনী ৷ ই এনে এক ইঙ্গিত কঢ়িয়াই আনিছে যে প্ৰযুক্তি আৰু প্ৰয়োজনীয়তাই মানুহক উপহাৰ দিয়া নতুন আহিলা , নতুন সম্ভাৱনা ,  নতুন ভাবনাক আদৰি লোৱাৰ এটা মুকলি মনৰ আমি অধিকাৰী ৷ 

       পৰম্পৰা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখি , মাজুলীক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি  আৰু অধিক উজলাই তোলাত এই ই-আলোচনীখনে নিষ্ঠা সহকাৰে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰক , তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ ৷

শুভকামনাৰে

-ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

Signature of Phanindra Kumar Deva Choudhury
bottom of page