top of page

Advisor Desk

umkc_pr.jfif
   পৃথিৱীৰ সৰ্বস্তৰৰ মানুহৰ মাজত সম্প্ৰতি অপৰাধপ্ৰৱণতা এনেদৰে বৃদ্ধি পাইছে যে হত্যা, সন্ত্ৰাস, বলাৎকাৰ, অপহৰণ, ভাবুকি, আত্মহত্যা আদি বৰ্তমান এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। সকলো ধৰণৰ অপৰাধ বিশ্বজুৰি এতিয়া সাধাৰণ ঘটনা। সচাকৈ সাম্প্ৰতিক সময়ৰ এই ঘটনাসমূহ চিন্তনীয় আৰু উদ্বেগজনক। দেশত এফালে সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে আৰু আনফালে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনাৰাজি। বৰ্তমানৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত অথবা সফলতা প্ৰাপ্তিৰ দৌৰ, অপ্ৰকৃতিস্থ প্ৰতিযোগিতাৰ হেঁচাত আমাৰ মাজৰ পৰা অজানিতে হেৰাই গৈছে নৈতিকতা, প্ৰেম, দয়া, ক্ষমা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহ আৰু ফলস্বৰূপে বিস্তাৰিত হৈ পৰিছে অপৰাধমূলক ঘটনাৰাজি। সুক্ষ্মভাবে লক্ষ্য কৰিলে দেখা যায় যে এনে বিপথগামীতাৰ এটা প্ৰধান কাৰণ হ'ল প্ৰচলিত শিক্ষাব্যৱস্থা। এই ব্যৱস্থা যেন মানৱীয় প্ৰমূল্যসমূহ কৰ্ষণ কৰাৰ ক্ষেত্ৰত বিফল হৈছে এনে অনুমান হয় আৰু ইয়াৰ এই প্ৰভাৱ পৰিলক্ষিত হৈছে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনতো।

শিক্ষা আৰু সামাজিক উত্তৰণ

 ড° জাহ্নৱী লহকৰ বৰুৱা 

      অধ্যক্ষ, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়, মাজুলী 

  ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যেতিয়ালৈকে নৈতিকতাৰ ভেটি সবল কৰি তুলিব পৰা নাযাব, তেতিয়ালৈকে সমাজত বিশৃংখলতাই বিৰাজ কৰি থাকিব। গতিকে এখন ৰুচিবোধসম্বলিত স্বাস্থ্যবান সমাজৰ বাবে প্ৰয়োজন হৈ পৰিছে নৈতিক মূল্যবোধসম্পন্ন শিক্ষাৰ সবল ভেটি। নৈতিকতা, মূল্যবোধ আদি ছাত্ৰ-ছাত্ৰীসকলৰ মনোজগতৰ লগত সম্বন্ধ থকা বিষয়। বাহ্যিক অনুশাসনৰ দ্বাৰা এই দিশসমূহৰ বিকাশ সম্ভৱ নহয়। ই অন্তৰাত্মাৰ লগত জড়িত। ঘৰুৱা আৰু সামাজিক পৰিৱেশ আৰু শিক্ষাৰ সংমিশ্ৰণতহে নৈতিকতা গঢ় লয়। নৈতিকতা প্ৰতিফলিত হয় ব্যক্তিৰ সৌন্দৰ্যবোধ, ব্যক্তিত্ব আৰু জীৱনবোধত। গতিকে প্ৰতি শিশুক নৈতিকভাৱে সবল কৰি তোলাটোৱেই হৈছে নৈতিক শিক্ষাৰ প্ৰধান লক্ষ্য। আকৌ এইটোও সত্য যে মূল্যবোধ শিক্ষাৰ মূল ভেঁটি হৈছে নৈতিকতা। মূলতঃ বাৰটা প্ৰমূল্য, যেনেঃ সহিষ্ণুতা, প্ৰসন্নতা, সন্মান, প্ৰেম, দায়িত্ববোধ, স্বতন্ত্ৰতা, সৰলতা, শান্তি, সহযোগিতা, একতা, নম্ৰতা আৰু সততা আদিৰ কৰ্ষণ আৰু বিকাশেই হ'ল মূল্যবোধ শিক্ষাৰ চূড়ান্ত লক্ষ্য। মূল্যবোধ শিক্ষাই প্ৰকৃততে মানুহৰ মাজত ইতিবাচক সামাজিক গুণসমূহ বিকশিত কৰে। সুস্থিৰ মূল্যবোধ ছাত্ৰ-ছাত্ৰীসকলকৰ মাজত জাগ্ৰত কৰিব নোৱাৰিলে তেওঁলোকৰ চিন্তাচৰ্চাও হৈ পৰিব নেতিবাচক। সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা মূল্যবোধ বিকশিত হয়। ইয়াৰ দ্বাৰা আমি নিজেই নিজৰ লগত, আনৰ লগত আৰু পৃথিৱীৰ লগতে সম্বন্ধ স্থাপন কৰিব পাৰোঁ। যদি এই মূল্যবোধৰ পৰিৱৰ্তন হয়, তেন্তে আমাৰ সম্বন্ধবোৰো পৰিৱৰ্তন হ'ব। মুঠতে সমাজত শান্তি আৰু শৃংখলাবদ্ধতা প্ৰতিষ্ঠাৰ দিশত এই শিক্ষাই এক দিক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।             

   নৈতিক আৰু মূল্যবোধ শিক্ষাৰ প্ৰধান সমল হ'ল আধ্যাত্মিক শিক্ষা। যেতিয়াই ছাত্ৰ-ছাত্ৰীসকলে এক শক্তিৰ (ঈশ্বৰ) অস্তিত্বক স্বীকাৰ কৰি জীৱনত আগবাঢ়িব, তেতিয়া শৃংখলাবদ্ধ জীৱন যাপন কৰিব পাৰিব। আধ্যাত্মিক ভাৱধাৰাই মানুহক নৈতিকভাৱে সুস্থ আৰু সবল কৰি তোলাৰ লগতে বিনয়ী, সাহসী, যুক্তিনিষ্ঠ, কৰ্তব্যপৰায়ণ আৰু সুদক্ষ কৰি গঢ়ি তোলে। মূলতঃ নৈতিক শিক্ষা, মূল্যবোধ শিক্ষা আৰু আধ্যাত্মিক শিক্ষা পৰস্পৰৰ সম্পৰ্কযুক্ত। মুঠতে নতুন প্ৰজন্মক প্ৰকৃত অৰ্থত শিক্ষিত কৰি তুলিবলৈ শিক্ষাৰ পাঠ্যক্ৰমত নৈতিক, মূল্যবোধ আৰু আধ্যাত্মিক শিক্ষাৰ পৰিৱৰ্তনবোৰ নিতান্তই প্ৰয়োজন। সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ শিক্ষাৰ প্ৰতিটো স্তৰতে পাঠ্যক্ৰমৰ সংশোধন ঘটোৱা হৈছে। আঞ্চলিকতাৰ ভিত্তিত পাঠ্যক্ৰমত বিষয়সমষ্টি সন্নিৱিষ্ট কৰিলে দেশ, জাতিৰ হিত সাধিত হ'ব। জাপান, ইউৰোপ, ইংলেণ্ড আদি দেশ উন্নত দেশ হিচাপে পৰিগণিত হোৱাৰ এক কাৰণ হ'ল সেই দেশসমূহৰ জাতীয় শিক্ষা ব্যৱস্থা। আমাৰ ভাৰতবৰ্ষত ৰাজ্যভেদে ভৌগোলিক জনগাঁথনিৰ বৈচিত্ৰ বিৰাজমান। গতিকে আন দেশৰ দৰে এখন সাৰ্বজনীন জাতীয় পাঠ্যক্ৰম যুগুত কৰিলে ভাৰতৰ বাবে ফলপ্ৰসূ হোৱাটো ক্ষীণ।             

  নৈতিকতাবোধসম্পন্ন ছাত্ৰ-ছাত্ৰীয়েহে জীৱনৰ প্ৰতিটো খোজতে শৃংখলা বজাই ৰাখি আগবাঢ়ি যাব পাৰে, সমাজৰ প্ৰতি থকা দায়বদ্ধতা, দেশৰ প্ৰতি থকা কৰ্তব্যবোধ উপলব্ধি কৰিব পাৰে। সাধাৰণতে দেখা যায় যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মেধা শক্তিৰে আনুষ্ঠানিক শিক্ষাৰ প্ৰতিটো স্তৰত উত্তীৰ্ণ হৈ সফলতাৰে আগবাঢ়ি যায়, তেওঁলোকৰ বেছিভাগৰে প্ৰভাৱশালী অস্তিত্ব এটা সময়ত ক'ৰবাত নহয় ক'ৰবাত হেৰাই যোৱা যেন অনুভৱ হয়। মূল্যবোধসম্পন্ন এক কৰ্মমূখী পাঠ্যক্ৰমৰ অভাৱৰ বাবেই সমাজৰ এই তীক্ষ্ণ মেধাৱীসকলে কেৱল ব্যক্তিগত উচ্চাকাঙ্ক্ষা আৰু প্ৰতিপত্তিৰ দৌৰত আত্মনিয়োগ কৰা হেতু সমাজ বা জাতিটোৰ প্ৰতি কৰিব পৰা তেওঁলোকৰ প্ৰচুৰ সম্ভাৱনীয়তাখিনি ক্ৰমাগতভাৱে অৱহেলিত আৰু স্তিমিত হৈ শেষ হৈ যায়। বণিক গোষ্ঠীৰ স্বাৰ্থত ঘূৰ্ণীয়মান বিশ্বায়নৰ জাকজমকতাই শিক্ষাখণ্ডক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহে পৰীক্ষাৰ ফলাফলসমূহেৰে চমকপ্ৰদ কৃতিত্বৰ অংশীদাৰ হৈছে হয়; কিন্তু কিমানজন ছাত্ৰ-ছাত্ৰীয়ে সেই চমকপ্ৰদতা ব্যক্তিত্বৰ অংশ কৰি গোটেই জীৱন উজ্বলি থাকিব পাৰিছে ! 'যোগ্য ভোগ্য বসুন্ধৰা' বিশ্বায়নৰ মূলমন্ত্ৰ। সেই বুলিয়েই ছাত্ৰ-ছাত্ৰীসকলে সুবিধা গ্ৰহণকাৰীৰ দৰে নিজস্বতাক পৰিহাৰ কৰি উটি-ভাঁহি যাব নেকি? তেওঁলোকে নিজৰ নৈতিকতা, মূল্যবোধক আওকাণ কৰিব নেকি? যদি সেয়ে হয়, তেন্তে এখন দেশ বা এখন সমাজৰ বিকাশৰ বাবে প্ৰয়োজনীয় মানৱসম্পদ কস্মিনকালেও বিচাৰি পোৱা নাযাব। প্ৰণিধানযোগ্য যে বৰ্তমান শিক্ষাব্যৱস্থাত গুণসম্পন্ন শিক্ষকৰ নিযুক্তিৰ ফলত শিক্ষাক্ষেত্ৰখনত কিছু আশাৰ সঞ্চাৰ হৈছে যদিও বহু চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নতিৰ প্ৰয়োজন আজিও অনুভৱ হয়। সেয়ে পাঠ্যক্ৰমৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সবলীকৰণ বৰ্তমান সময়ৰ এক আহ্বান হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ য়ে শিক্ষাক্ষেত্ৰখনত আমূল পৰিৱৰ্তন আনিব বুলি আমি আশাবাদী। শিক্ষাৰ এই দিশসমূহৰ সফল ৰূপায়ন হ'লেহে নিজৰ দেশ-জাতিটোক ভালপোৱা মানুহখিনিয়ে আশা কৰা ধৰণেৰে এখন সুন্দৰ সমাজ বাস্তৱত সম্ভৱ হৈ উঠিব।

_______-_-____

bottom of page